গুৱাহাটী,১১ জানুৱাৰীঃ ৰাজ্যত ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত চতুৰ্থ বাৰৰ বাবে অনুষ্ঠিত হ’ব গুণোৎসৱ। আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, কাৰ্বি আংলং, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, নগাঁও আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব। আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজী, ধুবুৰী, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব। সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, ডিমা হাচাও, কাছাৰ, মৰিগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব। সংবাদমেলত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এইবাৰ ৩১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৰাজ্যৰ ৪৪,৫২৫ খন বিদ্যালয়ৰ ৪২,৭৬,৮৮১ গৰাকী শিক্ষাৰ্থীৰ মাজত এইবাৰৰ গুণোৎসৱত অনুষ্ঠিত হ’ব। গুণোৎসৱত বাহ্যিক মূল্যায়ক হিচাপে ১৮,০৯৭ গৰাকী লোক জড়িত থাকিব। গুণোৎসৱৰ এই মূল্যায়ন প্ৰক্ৰিয়াত মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক, স‍াংসদকে ধৰি চৰকাৰী শীৰ্ষ আমোলা-বিষয়াসকল জড়িত হ’ব। গুণোৎসৱ একাডেমিক কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰি শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে গুণোৎসৱৰ ফলাফল হিচাপে ১০ শতাংশ মূল্যায়ন বছেৰকীয়া পৰীক্ষাত যোগ দিয়া হ’ব। এইবাৰ বিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ’ব। কেৱল গুণোৎসৱত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থীৰ ওপৰত ভিত্তি কৰি নহয়। আনহাতে এইবাৰৰ গুণোৎসৱত শিক্ষকে নিজৰ বিদ্যালয়ৰ বিপৰীতে সমীপৰ আন বিদ্যালয়লৈ গৈ মূল্যায়ন কৰিব লাগিব। নিজৰ বিদ্যালয়ত কৰিব নোৱাৰিব। কোন শিক্ষক কোন বিদ্যালয়লৈ যাব সেইটো অনলাইন ব্যৱস্থাৰে নিশ্চিত কৰা হ’ব। ইয়াৰ বাবে এটা ছফটৱেৰ কৰা হৈছে আৰু আজিৰ সংবাদমেলত এই ছফটৱেৰটো মুকলি কৰা হয়। ইয়াৰ দ্বাৰা শিক্ষকসকলে কোনখন বিদ্যালয়লৈ যাব লাগিব সেই কথা জানিব পাৰিব। পূৰ্বৰ তিনিবছৰৰ গুণোৎসৱ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে বিদ্যালয়ৰ আন্তঃগাঠনিৰ বাবে ৯৮০ কোটি টকা ধাৰ্য কৰি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সমগ্ৰ শিক্ষাৰ পুঁজিৰ যোগেদি কাম কৰা হৈছে। আনহাতে শিক্ষক আৰু শিক্ষাৰ্থীৰ ক্ষেত্রত থকা ব্যৱধান আঁতৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষক বদলিকৰণৰ প্ৰসংগত শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে পৰ্টেলত বদলিৰ বাবে এতিয়ালৈকে ১৫ হাজাৰ শিক্ষকে আবেদন কৰিছে। গুণোৎসৱ আৰু বছেৰেকীয়া পৰীক্ষাৰ পাছত বদলিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। শিক্ষা মন্ত্রীগৰাকীয়ে লগতে কয় যে সকলো বিদ্যালয়ত বিদ্যুৎ আৰু খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। বৰ্তমান সময়ত ১৪০০ বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই বুলি শিক্ষা মন্ত্রীগৰাকীয়ে সদৰি কৰে। টেট পৰীক্ষাৰ প্ৰসংগত শিক্ষা মন্ত্রীগৰ‍াকীয়ে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত দুবছৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত নহয়। ক‍াৰণ এতিয়াও টেট উত্তীৰ্ণ বহু প্ৰাৰ্থী আছে আৰু প্ৰয়োজনত তেওঁলোকক নিযুক্তি দিয়া হ’ব। আনহাতে চৰকাৰে চি-টেট উত্তীৰ্ণ সকলক আবেদন কৰাৰ সুবিধা দিছে। সংবাদমেলত শিক্ষা বিভাগৰ কেইবাজনো বিষয়া উপস্থিত আছিল।