নিউজ ডেক্সঃদিল্লীৰ যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতীয় মল্লযুঁজাৰুসকলে। এই প্ৰদৰ্শনত মুঠ ৩০ জন মল্লযুঁজাৰু জড়িত হৈ আছে। অলিম্পিক আৰু কমনৱেলথ গেমছত পদক লাভ কৰা মল্লযুঁজাৰুসকলেও অংশ লৈছে প্ৰতিবাদত।এই বিক্ষোভৰ সৈতে জড়িত মল্লযুঁজাৰু বিনেশ ফ’গাটে মল্লযুঁজ সন্থাৰ সভাপতি তথা প্ৰশিক্ষকে মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগো উত্থাপন কৰিছে।ভাৰতৰ বহু প্ৰবীণ মল্লযুঁজাৰুৱে ভাৰতৰ মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে ৰাষ্ট্ৰীয় ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙক একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে ব্রিজ ভূষণ শৰণ সিং কৈছেৰগঞ্জৰ বিজেপি সাংসদ ৷প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলৰ ভিতৰত আছে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী বিনেশ ফ’গাটকে ধৰি দেশৰ বহু শীৰ্ষ মল্লযুঁজাৰু।তেওঁৰ প্ৰদৰ্শনৰ সন্দৰ্ভত মল্লযুঁজাৰু বজৰং পুনিয়াই কয় যে “ভাৰছলিং ফেডাৰেচন অৱ ইণ্ডিয়াই (ডব্লিউ এফ আই) মল্লযুঁজাৰুসকলক অশান্তি দিছে। ডব্লিউ এফ আইৰ অংশ হোৱা লোকসকলে এই খেলবিধৰ বিষয়ে একো নাজানে। মল্লযুঁজাৰুসকলে ৰেছলিং ফেডাৰেচন ৱাণ্টত চলি থকা একনায়কত্ববাদক সহ্য কৰিব নোৱাৰে।”অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰু সাক্ষী মালিকে কয় যে “আমি ভাৰতীয় মল্লযুঁজৰ বিৰোধিতা কৰিছো। আমি মল্লযুঁজাৰুসকল ইয়াত গোট খাইছো।”প্ৰতিবাদী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিবলৈ আহিছিল ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সহকাৰী সম্পাদক বিনোদ তোমৰ। তেওঁ কয় “নাজানো কি বিষয়ত এই প্ৰতিবাদ। WFI ৰ সভাপতিলৈ লিখা চিঠিৰ পৰা জানিব পৰা গৈছে যে কিছু মল্লযুঁজাৰুৱে প্ৰতিবাদত বহিছে। মই তেওঁলোকক তেওঁলোকৰ সমস্যাৰ বিষয়ে সুধিবলৈ আহিছো। এবাৰ ফেডাৰেচনলৈ আহিলে সকলো সমস্যাৰ সমাধান হ’ব। মোক এতিয়াও কোৱা হোৱা নাই যে কি হৈছে। এতিয়ালৈকে মোৰ বা ফেডাৰেচনৰ আগত এনে কোনো বিষয় উত্থাপন হোৱা নাই।”