নিউজ ডেক্সঃবিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই সভাপতি হিচাপে কাৰ্যকালৰ সম্প্ৰসাৰণ লাভ কৰিছে। নড্ডাই বিজেপিৰ কাৰ্যবাহী সভাত কৈছিল যে দলটোৱে এই বছৰৰ শেষৰ ফালে হ’বলগীয়া নখন ৰাজ্যিক বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব। এতিয়া দলটোৱে তেওঁৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈ বৃদ্ধি কৰিছে। সেয়েহে এই সকলোবোৰ নিৰ্বাচন নড্ডাৰ কাৰ্যকালতে অনুষ্ঠিত হ’ব। বিশেষ কথাটো হ’ল এই ৰাজ্যসমূহৰ কেইবাখনো ৰাজ্যত বিগত সময়ত দলটোৱে পৰাজয়ৰ সন্মুখীন হৈছে ।তদুপৰি, চাৰিখন ৰাজ্য কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপি আৰু কংগ্ৰেছৰ পোনপটীয়া প্ৰতিযোগিতাত চলিব। কৰ্ণাটক আৰু মধ্য প্ৰদেশত গেৰুৱা দলটোৰ প্ৰত্যাহ্বান অধিক হোৱাৰ সম্ভাৱনা আছে , কিয়নো ইয়াত দলটোৱে ক্ষমতা বিৰোধী ঢৌৰ সন্মুখীন হ’ব।এনে পৰিস্থিতিত, ২০২৩ বৰ্ষটো নড্ডাৰ বাবে হ’ব বহু প্ৰত্যাহ্বানজনক । তদুপৰি প্ৰশ্ন হয়, নড্ডাৰ নেতৃত্বত ৯খন ৰাজ্যত ফুলিবনে পদুম ?