উত্তৰ গুৱাহাটী, ২১জানুৱাৰীঃঅসমৰ এখন মহাবিদ্যালয় , য’ত দুৰ্নীতিয়েই নীতি । মহাবিদ্যালয়ৰ অধ্যক্ষৰ ডিগ্ৰী জালিয়াতিৰে কুখ্যাতি লাভ কৰা উত্তৰ গুৱাহাটী মহা বিদ্যালয়ৰ অন্য এক কেলেংকাৰীয়ে তোলপাৰ লগাইছে এতিয়া উত্তৰ গুৱাহাটীত । এইবাৰ উঠিছে নিযুক্তি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ । মহাবিদ্যালয় খনৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ মুঠ দহটা পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে বেআইনী প্ৰক্ৰিয়াৰে পৰীক্ষাৰ বহী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ ঘৰত ৰখাৰ উঠিছে গুৰুতৰ অভিযোগ । সভাপতি ডঃ কুকিল বৰুৱা আৰু তিনিজনীয়া পৰিচালনা সমিতিয়ে ধনৰ বিনিময়ত প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ অভিযোগ । এই গুৰুতৰ অভিযোগ আনিছে মহাবিদ্যালয় খনত দহ বাৰ বছৰ কাম কৰি খেদা খোৱা একাংশ কৰ্মচাৰীয়ে ।উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ দিলিপ দাস আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত অস্থায়ী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা বেআইনী পদক্ষেপক গৰিহনা দিছে বঞ্চিত প্ৰাৰ্থী সকলে । চতুৰ্থ বৰ্গৰ কৰ্মী গোটৰ স্বাক্ষৰ সম্বলিত নিৰ্বাচিত প্ৰাৰ্থী সকলৰ তালিকা প্ৰেৰণ কৰিছে অসম কলেজ কৰ্মচাৰী সন্থা আৰু মহাবিদ্যালয় অধক্ষলৈ । এই কায্যৰ পিছত মহাবিদ্যালয় অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ তুলিছে অস্থায়ী কৰ্মচাৰী সকলে । পুণৰ পৰীক্ষা পাতি উপযুক্ত প্ৰাৰ্থী মকৰল নকৰিলে আত্মজাহৰো ভাবুকি দিলে বঞ্চিত প্ৰাৰ্থী তথা অস্থায়ী কৰ্মীগোটে ।ইফালে মহাবিদ্যালয়ৰ চাকৰি প্ৰাৰ্থী নিৰ্বাচন অধ্যক্ষক আৰত ৰাখি কৰাৰ অভিযোগ তুলিছে খোদ অধ্যক্ষ দিলিপ দাসে । মহাবিদ্যালয় পৰিচালনা সমিতিলৈ দোষ ঠেলি অধ্যক্ষ দিলিপ দাসে লৈছে ৰহস্যজনক স্থিতি। আনহাতে ডঃ কুকিল বৰুৱাই সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়াৰে চাকৰি প্ৰাৰ্থী নিৰ্বাচিত কৰা বুলি দাবী কৰিছে । কিন্তু, পৰীক্ষাৰ বহী ঘৰত ৰখা সম্পৰ্কত অস্পষ্ট মত পোষণ কৰে ডঃ কুকিল বৰুৱাই ।এতিয়া কোন সঁচা কোন মিছা বিছাৰ কৰিব কোনে । জীবনৰ আধা বয়স মহাবিদ্যায়ত উৎসৰ্গা কৰা প্ৰাৰ্থী সকলে অন্য উপায় নাপালে ন্যায়ালয়ৰ কাষ চপাৰ লৈছে সিদ্ধান্ত।
