গুৱাহাটী,২৪ জানুৱাৰীঃ কেন্দ্ৰীয় ভূ-জল ব’ৰ্ডৰ গুৱাহাটীস্থিত উত্তৰ-পূব কাৰ্যালয়, জল শক্তি মন্ত্ৰালয় তথা জলসম্পদ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় একুইফায়াৰ মেপিং প্ৰকল্প (নাকিউইম) আৰু প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা-এইচ কে কে পি – জি ডব্লিউ আঁচনিৰ সফলতাসমূহৰ ওপৰত আজি গুৱাহাটীৰ হোটেল ভিভাণ্টাত এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে এই কৰ্মশালাৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। আজিৰ এই কৰ্মশালাখনৰ লক্ষ্য হৈছে নাকিউইমৰ অধ্যয়নৰ তথ্যসমূহ আদান-প্ৰদান নাকিউইমৰ ফলাফলৰ যথোপযুক্ত ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ইয়াৰ সফলতাসমূহক উৎসাহিত কৰা আৰু ভূগৰ্ভস্থ পানীৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ বাবে এক ফলপ্ৰসূ কাঠামো গঢ়ি তোলা। কৰ্মশালাৰ উদ্বোধনী সত্ৰত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে ভূগৰ্ভস্থ পানী এক অমূল্য সম্পদ, কিন্তু ইয়াৰ পৰিমাণ অতি সীমিত। এই সম্পদ দিনকদিনে দ্ৰুতগতিত হ্ৰাস পাই আহিছে, যি আমাৰ সকলোৰে বাবে এক ডাঙৰ চিন্তাৰ বিষয়। ৰাজ্য চৰকাৰে ভূপৃষ্ঠত প্ৰাপ্ত পানীৰ উৎসসমূহৰ অধিক ফলপ্ৰসূ ব্যৱহাৰকে ধৰি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে ভূগৰ্ভস্থ পানীৰ সংৰক্ষণ নিশ্চিত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে ‘জন ভাগীদাৰী’ অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণৰ অবিহনে কোনো ডাঙৰ পৰিৱৰ্তন সাধিত হ’ব নোৱাৰে। সেয়েহে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিককে চৰকাৰৰ এই প্ৰয়াসত সহযোগিতা আগবঢ়াবলৈ তথা আমাৰ ভূগৰ্ভস্থ জলসম্পদ সংৰক্ষণৰ দিশত হাত উজান দিবলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ ভূগৰ্ভস্থ জল কমকৈ ব্যৱহাৰ কৰি পৰাপক্ষত ভূ-পৃষ্ঠত প্ৰাপ্ত পানীৰ ব্যৱহাৰ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ এই কৰ্মশালাত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ যুটীয়া সচিব সুবোধ যাদৱ, কেন্দ্ৰীয় ভূ-জল ব’ৰ্ডৰ আঞ্চলিক সঞ্চালক এছ চি কপিল, জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব এম এছ মনিৱন্নন, বিভাগটোৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।










