অভয়াপুৰী, ২৭ জানুৱাৰী :আজি উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ত ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি আৰু ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃজাঃ) বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন পঞ্জীয়ন বিধি, ১৯৬০ চনৰ লগত সংগতি ৰাখি উক্ত বিধান সভা সমষ্টি দুটাৰ পূৰ্ণাঙ্গ ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।আজি প্ৰকাশ পোৱা নিৰ্বাচনী তালিকা মতে ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৮৭৪৬২ জন, ইয়াৰে ৯৬৮৬৯ গৰাকী পুৰুষ, ৯০৫৯১ গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগ। চাৰ্ভিচ ভোটাৰ ২০৫১ গৰাকী, ডি ভোটাৰ ২২৬ গৰাকী। EPIC কভাৰেজ ৯৯.৯১ শতাংশ, নিৰ্বাচনী ফটো তালিকা ৯৯.৮৯ শতাংশ আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২১৯ টা। আনহাতে ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃ জাঃ) বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১৫২৫৩ জন, ইয়াৰে ১১০৪০৬ গৰাকী পুৰুষ ১০৪৮৪৩ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগ। চাৰ্ভিচ ভোটাৰ ১০৩২ গৰাকী, ডি ভোটাৰ ৩১০ গৰাকী । EPIC কভাৰেজ ৯৯.৮৮ শতাংশ, নিৰ্বাচনী ফটো তালিকা ৯৯.৮৭ শতাংশ আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২৬০ টা। উত্তৰ শালমাৰা মহকুমাৰ নিৰ্বাচনী বিষয়া তন্ময় ঘোষৰ সভাপতিত্ব আয়োজিত আজিৰ সভাত ৰাজনৈতিক দলসমুহৰ প্ৰতিনিধি, সহঃ আয়ুক্ত আৰু বিষয়াসকল উপস্থিত থাকে।