বৰপেটা ৩০ ডিচেম্বৰ: ‘লোকসভা প্ৰৱাস যোজনা অনুসৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰভাৰী কিৰেণ ৰিজিজুৰ বৰপেটাত প্ৰৱাস।ৰবিবাৰে বৰপেটাত উপস্থিত হোৱা কিৰেণ ৰিজিজুৱে আজি বৰপেটাৰ চেঙা আৰু গৰৈমাৰীত দলীয় সাংগঠনিক সভাত অংশ লোৱাৰ পিছতে আজি বৰপেটাত নাগৰিক সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনময় কৰে ৷বৰপেটাত কিৰণ ৰিজিজুৰ দাবী- ২০২৪ত বৰপেটা, নগাওঁ আৰু কলিয়াবৰ সমষ্টি বিজেপিয়ে দখল কৰিব বুলি দাবী ৷লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাই আছে বিজেপিয়ে ৷ দলীয় কাম কাজৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা আঁচনি সমুহৰ সুফল যাতে হিতাধিকাৰীয়ে লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বিজেপিয়ে ৷ তাৰবাবে ৰাইজৰ কাষলৈ যাব বিজেপি ৷২০২৪ৰ লোক সভা নিৰ্বাচনত বিৰোধীৰ দখলত থকা ৰাজ্যৰ বৰপেটা, নগাও আৰু কলিযযাবৰ সমষ্টি লাগে বিজেপিক ৷ তিনিওটা সমষ্টিৰ প্ৰভাৰীৰ দায়িত্বত থকা কিৰেণ ৰিজিজুৱে ‘২৪ত বৰপেটা, নগাওঁ আৰু কলিয়াবৰ সমষ্টি বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে ৷বৰপেটা সাহিত্য সভা ভৱনত বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে মত বিনিময় কৰা কিৰেণ ৰিজিজুৱে বৰপেটাত সংবাদমেল সম্বোধন কৰি ২৪ ৰ নিৰ্বাচনৰ বাবে দল আৰু চৰকাৰে নিজৰ কাম চলাই থকাৰ কথা প্ৰকাশ কৰে ৷ অৱশ্যে বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিবনে সেই সম্পৰ্কে এতিয়াই কোনো কথা কব খোজা নাই ৰিজিজুৱে ৷ ৫০ বছৰত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখুৱাইছে ৷ অসমৰ প্ৰতি জিলাতে মেডিকেল, ইঞ্জিনীয়াৰিং কলেজ স্থাপন কৰিছে ৷ ইয়াৰ পিচতো কিয় বিজেপি হাৰিব বুলি প্ৰশ্ন ৰিজিজুৰ ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈয়ো মন্তব্য প্ৰকাশ কৰে ৰিজিজুই। কংগ্ৰেছে নিজৰ ঘৰখনকেই ঠিক কৰিব পৰা নাই ৷ ৰাহুল গান্ধীৰ কথাক গুৰুত্ব সহকাৰে নলবলৈও আহ্বান ৰিজিজুৰ ৷দলীয় লোকসকলেই ৰাহুল গান্ধীৰ কথাক গুৰুত্ব নিদিয়ে বুলিও মন্তব্য ৷সংবাদ শিৰোণাম দখলৰ বাবেহে ৰাহুল গান্ধীয়ে নাটক কৰি থাকে বুলি মন্তব্য কিৰেণ ৰিজিজুৰ ৷নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শ্ৰেষ্ঠ ভাৰত গঢ়াৰ বাবে কাম কৰি আছে ৷ ২০২৪ত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে দুই তৃতীয়াংশ আসন দখল কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে ৷ইপিনে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপিয়ে মিত্ৰ দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তিনিওখন ৰাজ্যত বিজেপি মিত্ৰজোটে চৰকাৰ গঠন কৰিব বুলিও দাবী ৷২০১৪ৰ পিচত দেশ বিৰোধী শক্তিৰ বিৰুদ্ধে দেশত কঠোৰ ব্যৱস্থা গ্ৰহনৰ কথা উল্ৱেখ কৰি ভৱিষ্যতেও কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হব ৷ ইপিনে কমতাপুৰ আৰু পৰেশ বৰুৱা সম্পৰ্কত কোনো কথা প্ৰকাশ নকৰে কিৰেণ ৰিজিজুৱে ৷দেশৰ কাৰণে আৰু ২৪ত বিজেপিয়ে দুই তৃতীয়াংশ আসন দখল কৰিবৰ বাবে কাম কৰি আছে ৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি আৰু কাৰ্যকৰীকৰণৰ ওপৰত এখন পৰ্যালোচনা বৈঠক বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰন ৰিজিজুৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত বৰপেটা জিলাৰ আঁচনি সমুহ সন্দৰ্ভত আলোচনা সভাত জিলা উন্নয়ন আয়ুক্ত নবজ্যোতি ওজা, বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মনোজ ছিকৰিয়া, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত গীতাশ্ৰী লাচিত আৰু সহকাৰী আয়ুক্তৰ লগতে অন্যান্য অইন বিভাগৰ মুৰব্বী আৰু বিষয়াসকলে উপস্থিত থাকে।