তামুলপুৰ, ৩ ফেব্ৰুৱাৰীঃমুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যখনৰ আন আন জিলাসমূহৰ লগতে তামুলপুৰ জিলাতো আৰক্ষীয়ে কালি নিশাৰে পৰা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত তামুলপুৰ আৰক্ষী জিলাৰ অন্তৰ্গত গোৰেশ্বৰ আৰু তামুলপুৰ থানাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৬২ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আজি আবেলি বাল্যবিৱাহৰ বিৰুদ্ধে চলোৱা অভিযান সন্দৰ্ভত তামুলপুৰ আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱে কয় যে- তামুলপুৰ জিলাৰ বাল্যবিৱাহ কৰা স্বামী ৩০ গৰাকী বিবাহৰ লগত জৰিত কাজী ২ গৰাকী, আৰু অভিভাৱক ৩০ গৰাকী সহ মুঠ ৬২ গৰাকী লোকক আটক কৰা হৈছে। তেওঁ কয় যে সমাজত বাল্য বিবাহত ৰোধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে লোৱা এইধৰণৰ পদক্ষেপ পৰৱৰ্তী সময়তো চলি থাকিব। উল্লেখ যে তামুলপুৰ জিলা আৰক্ষীৰ ওচৰত বাল্যবিৱাহ সন্দৰ্ভত জিলাখনৰ তামুলপুৰ আৰু গোৰেশ্বৰ থানাত মুঠ ১১০ গৰাকী লোকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰক্ষী অধীক্ষ গৰাকীয়ে জনোৱা মতে অহাকালিও চলিব বাল্যবিৱাহ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ১১০ টা গোচৰত ৰুজু হোৱা সকল আটক নোহোৱা পৰ্যন্ত আৰক্ষীৰ অভিযান চলি থাকিব বুলি তেওঁ দৃঢ়তাৰে কয় ৷অসুস্থ পিতৃক আটকঃ মাতৃৰ হিয়াভগা কান্দোনৰ ৰোলতামুলপুৰৰ ঘোগাপাৰৰ বাল্য বিবাহত জৰিত যুৱকৰ অসুস্থ পিতৃক আটক তামুলপুৰ আৰক্ষীৰ। পত্নীৰ হিয়াভগা কান্দোনৰ ৰোল উঠে থানা চৌহদত। জানিব পৰা মতেতামুলপুৰৰ ঘোগাপাৰ গাঁৱৰ গগন ৰাজবংশীৰ সৰু পূত্ৰ ৰঞ্জন ৰাজবংশীক তামুলপুৰ আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত আটক কৰিবলৈ গৈছিল যদিও পূত্ৰ ৰঞ্জনৰ লগতে অসুস্থ পিতৃ গগন ৰাজবংশীক তামুলপুৰ আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি ৰঞ্জনৰ মাতৃয়ে থানা চৌহদতে কান্দি কাটি হায়ৰান হয়। অসুস্থ স্বামীৰ সকলো ঔষধ লৈ তামুলপুৰ আৰক্ষী থানাত হিয়া ঢাকুৰি কান্দোনত ভাঙি পৰা দেখা যায়। মাতৃগৰাকীয়ে- মোৰ ল’ৰা দোষী কিন্তু মোৰ অসুস্থ স্বামীক এৰি দিয়ক বুলি আৰক্ষীৰ প্ৰতি আহ্বান জনায়। কিয়নো তেওঁ অবিহনে ঘৰ নচলে ৷ তেওঁ এতিয়া বহুত অসুস্থ। ইতিমধ্যেই অসুস্থ লোক জনক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰায়। আজি সন্ধিয়া পৰত আটকাধীন আটাইকেইজন লোককে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।