তিনিচুকীয়া,৫ ফ্ৰেব্ৰুৱাৰীঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ লগতে ঔষধৰ দাম বৃদ্ধি হোৱাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ঠায়ে প্ৰতিবাদো হৈছে। বিদ্যুৎ মাছুল বৃদ্ধি আৰু ঔষধৰ বৰ্দ্ধিত মূল্যৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া ডিগবৈত মহিলাসহ কেইবাটাও দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চি পি আই এমৰ ডিগবৈ আঞ্চলিক সমিতি আৰু নিখিল ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী নেতৃত্ব গ্ৰহণ কৰে। প্ৰতিবাদী দল-সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে মূল্য বৃদ্ধি ৰোধ কৰক,বিদ্যুত মাছুল বৃদ্ধি বন্ধ কৰক,ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। লগতে ডিগবৈ অসামৰিক চিকিৎসালয়ত ঔষধৰ যোগান নিয়মীয়া কৰিবলৈয়ো দল-সংগঠনসমূহে চৰকাৰক আহবান জনায়। দল সংগঠন সমূহে কোনো কাৰণতে বিদ্যুতৰ বৰ্দ্ধিত মূল্য মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।চৰকাৰে বিদ্যুতৰ মূল্য বৃদ্ধি সিদ্ধান্ত অতি শীঘ্ৰেই বাতিল নকৰিলে পৰৱৰ্তী সময়ত দল-সংগঠনসমূহে ৰাইজৰ সহযোগত আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে।
