গুৱাহাটী,১২ ফেব্ৰুৱাৰীঃ সলনি হ’ল অসমৰ ৰাজ্যপাল। দেশৰ সৰ্বমুঠ ১৩ খন ৰাজ্যৰ ৰাজ্যপালৰ সাল সলনিৰ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে গুলাব চান্দ কাটৰীয়াক। গুলাব চান্দ কাটৰীয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী। বৰ্ত্তমানৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী অসমৰ উপৰি নাগালেণ্ডৰ দায়িত্বত আছে। উল্লেখ যে ৰাজস্থানৰ বিৰোধী দলৰ দলপতি গুলাব চান্দ কাটৰীয়া বিজেপিৰ এগৰাকী প্ৰবীণ ৰাজনীতিক। ৰাজস্থান চৰকাৰত তেওঁ গৃহমন্ত্রীৰ দায়িত্বত আছিল। তদুপৰি তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য। ৰাজস্থানৰ উদয়পুৰৰ নিবাসী গুলাব চান্দ কাটৰীয়া কেইবাৰো সাংসদ ৰূপে জয়ী হৈছিল। পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্রী আছিল। ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা কাটৰীয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰত গৃহমন্ত্রীৰ দায়িত্বত আছিল। ১৯৭৭ চনত প্ৰথম বাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰাই উদয়পুৰ সমষ্টি তেওঁ খোপনি পোতিবলৈ সক্ষম হয়। ১৯৮০ চনত তেওঁ পুনৰ জয়ী হয়। তেওঁ ৰাজস্থান বিধানসভাৰ প্ৰাকঃকলন সমিতিৰ সদস্য আছিল। ৰাজনীতিৰ ক্ষেত্রখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰবীণ ৰাজনীতিক গুলাব চান্দ কাটাৰীয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুলাব চান্দ কাটাৰীয়াক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াত শুভেচ্ছা জ্ঞাপন কৰিছে।