লখিমপুৰ,১৫ ফেব্ৰুৱাৰীঃ জাতীয় পৰম্পৰাগত পূজা-পাৰ্বণ, নৃত্য-গীত, খাদ্যাভ্যাস, সাজপাৰ, আচাৰ-আচৰণ আৰু লোকবিশ্বাসক আগত ৰাখি ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে উদযাপন কৰি অহা আলি আঃয়ে লৃগাং আজি লখিমপুৰ জিলাৰ বৰিমুৰিস্থিত মিচিঙ কলা-কৃষ্টি বিকাশ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, লখিমপুৰ জিলা প্ৰশাসন আৰু উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উদযাপন সমিতিৰ সহযোগত উদযাপিত কৃষিভিত্তিক এই লৃগাং মহোৎসৱত আজি পুৱা ৮.৩০ বজাত লৃগাঙৰ মূল কাৰ্যসূচীস্বৰূপ কঠীয়া সিঁচা পৰ্ব প্ৰদীপ দলে আৰু দিপ্তী দলেয়ে ৰূপায়ণ কৰে। পুৱা ৯.৩০ বজাত অভিনেত্ৰী নিবেদিতা য়েইন আৰু ডি আই ডি লিটল মাষ্টাৰৰ প্ৰথম ৰানাৰ্চ আপ আপ্পুন পেগুৱে অংশগ্ৰহণ কৰা বাৰেৰহণীয়া সাংস্কৃতিক  শোভাযাত্ৰা উদ্বোধন কৰে ৰাজশ্ৰী ডেকাই।  দিনৰ ১২ বজাত উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাঙে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া উপলক্ষে উদযাপন সমিতিয়ে উত্তৰ লখিমপুৰ মিচিং কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা স্মৃতি স্তম্ভটো সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক মানৱ ডেকাৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। দিনৰ ১ বজাত পুৰৱী পেগু দলেয়ে আঁত ধৰা তথা কালিনাথ পাংগিঙে উদ্বোধন কৰা মুকলি সভাখনত উদযাপন সমিতিৰ সভাপতি ভূমি ৰঞ্জন দলেয়ে  সভাপতিত্ব কৰে। জাতীয় সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনিত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসঙ্গত লখিমপুৰীয়া মিচিং ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকসকলক আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনগোষ্ঠীটোৱে বছৰি পৰম্পৰাগতভাৱে উদযাপন কৰি অহা কৃষিভিত্তিক এই উৎসৱে উঠি অহা নৱ প্ৰজন্মক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা ব্যক্ত কৰে। সভাত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকায়ো সকলো মিচিঙ ৰাইজক তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰে। সভাত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান, টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুকে ধৰি বহু বিশিষ্ট অতিথি উপস্থিত থাকে। আনহাতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আলি আঃয়ে লৃগাঙৰ মঙলবাৰৰ প্ৰথম দিনা পুৱাৰ ভাগত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়প্ৰকাশ আগৰৱালাই স্মৃতি তৰ্পন আৰু সভাপতি ভূমি ৰঞ্জন দলেয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পিচত কাৰ্যসুচী অনুসৰি উত্তৰ লখিমপুৰ আইন মহাবিদ্যালয়ৰ সঞ্চালক বিভীষণ পেগু আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ পেগুৱে গছপুলি ৰোপন, জ্যেষ্ঠ অধিবক্তা সোনাধৰ পাতিৰে পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য আৰু হস্ততাঁত-বস্ত্ৰশিল্প মেলা, মিচিং দৃৰবৃ কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়িয়ে সাংস্কৃতিক প্ৰতিযোগিতা তথা উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কেচিঅ’ কৰণ পেগুৱে পৰম্পৰাগত মিচিং সাজপাৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। ইফালে আজি নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সভাপতি একলব্য গামে শুভ উদ্বোধন কৰে।