লখিমপুৰ , ১৫ ফেব্ৰুৱাৰী ; অৱশেষত জেললৈ গল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা দম্পতী। লখিমপুৰ আৰক্ষী অধীক্ষ ডঃ বেদান্ত মাধৱ ৰাজখোৱাই আজি এক সংবাদ মেল যোগে জনালে এই কথা । উল্লেখ যে যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছিল মৈৰাবাৰীৰ নাচিমা বেগমে। তেওঁ লখিমপুৰৰ উজ্জ্বলপুৰ হাইস্কুলত পৰীক্ষা দিছিল ।মোবাইলেৰে প্ৰশ্ন কাকতৰ ফটো তুলি তেও ভাইৰেল কৰিছিল। সেই নিশাই আৰক্ষীয়ে নাচিমা আৰু তেওৰ স্বামী মফিজুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে ।কেবা ঘন্টাৰ জেৰা আৰু অনুসন্ধানৰ পাছত কালি দুয়োকে জেললৈ প্ৰেৰণ কৰা হৈছে। লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা ৫৮/২৩ নম্বৰৰ আৰু ১২০ বি /৪০৬/৪১৮/ আৰু ৬৮ আই পি চি ধাৰাৰ গোচৰত নাচিমা বেগম আৰু তেওৰ স্বামীক জেললৈ প্ৰেৰণ কৰা হৈছে ।ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকে মবাইল পৰীক্ষা কেন্দলৈ কেনেকৈ নিলে সেই সন্দভত কয় -এই কাৰ্য তেওলোকে সম্পুৰ্ন পৰিকল্পিত ভাবে কৰিছিল । পৰীক্ষা হলত নাৰীৰ শালিনতা ৰক্ষা কৰি মহিলা আৰক্ষীয়ে পৰীক্ষাৰ প্ৰাথী গৰাকীক গেটত পৰীক্ষা কৰিছিল যদিও মহিলা গৰাকীয়ে শৰীৰৰ গোপন অংশত মবাইল লুকুৱাই নিয়া তথ্য আৰক্ষীৰ তদন্তুত পোহৰলৈ অহা বুলি তেও সদৰি কৰে । এই ক্ষেত্ৰত ঘটনা সন্দৰ্ভত কৰ্তব্যত গাফিলতি আছে নে কি সেয়া চাবলৈ উপায়ুক্তই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া বুলি কয় আৰক্ষী অধীক্ষক জনে। তেও আৰু কয়-আৰক্ষীৰ তদন্তুত সকলোবোৰ তথ্য বত্তমান পোহৰলৈ আহিছে । যাৰ বাবে আৰক্ষীয়ে তদন্তুৰ অন্তত ঘটনাত জৰিত দুয়োগৰাকীক দন্দাধীষৰ আগত হাজিৰ কৰায় আৰু দন্দাধীষে দুয়োকে কালি জেললৈ প্ৰেৰন কৰে ।

Home অসম আৰু উত্তৰপূব অৱশেষত জেললৈ গল স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা...