হাটশিঙীমাৰী, ১৬ ফেব্ৰুৱাৰীঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহামায়া নগৰত সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ডৰ৷ আলাউদ্দিন সৰকাৰ নামৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত কোনেও নথকাৰ সুযোগত যোৱা নিশা চোৰে চলালে লুটপাট।নগধ ৫৫ হাজাৰ টকাসহ প্ৰায় চাৰি লাখ টকাৰ সোণৰ আ-অলংকাৰ চুৰি হোৱাৰ অভিযোগ আলাউদ্দিন সৰকাৰৰ। আনহাতে লেপটপ, ইনভাৰ্টাৰ, ষ্টোবলেজাৰ আদিকে ধৰি প্ৰায় ১ লাখ টকাৰ সামগ্ৰী চুৰি হোৱাৰ অভিযোগ আলাউদ্দিন সৰকাৰৰ লগতে তেওঁৰ ছোৱালীৰ। শেহতীয়াকৈ সৰকাৰে তেওঁৰ ঘৰত চুৰি হোৱাৰ ঘটনাৰ ওপৰত খাৰুবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰু খাৰুৱাবান্ধা আৰক্ষীয়ে তেওঁৰ ঘৰত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে।