নিউজ ডেক্স,১৬ ফেব্ৰুৱাৰীঃ আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। ২৫ বছৰীয়া বামপন্থী শাসনৰ অন্ত পেলাই ২০১৮ চনত আৰম্ভ হৈছিল বিজেপিৰ শাসন। ত্ৰিপুৰাৰ ৬০ টা সমষ্টিৰ ৩৬.৭৪ লাখ লোকে এক পৰিৱৰ্তনৰ আশাত বিজেপিক জয়ী কৰাইছিল যদিও এতিয়াও সেই আশাতেই বন্দী ত্ৰিপুৰাৰ লোক। জনজাতিকৰণৰ সমস্যা, বহি:ৰাজ্যৰ লোকৰ আগ্ৰাসনে ধ্বংস কৰি পেলোৱা থলুৱা সকলৰ নায্যতা আদি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰা । ত্ৰিপুৰাৰ খিলঞ্জীয়া কক’-বৰক লোকসকলৰ জনসংখ্যা বৰ্তমান কেৱল ৩৫ শতাংশ । কিন্তু একে সময়তেই এই সকল লোকে বহি ৰাজ্যৰ লোকসকলৰ বিৰোধিত কৰা বুলিও উলিওৱা এক প্ৰচাৰে সময়ে সময়ে সৃষ্টি কৰি আহিছিল বিভিন্ন বিক্ষিপ্ত ঘটনা। এইবাৰৰ নিৰ্বাচনৰ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ একমাত্ৰ ভৰষা তিপ্ৰা মথাৰ সভাপতি প্ৰদ্যোৎ দেৱবাৰ্মা। আনহাতে ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক সাহা আছে বিজেপিৰ নেতৃত্বত। মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে বিশ্বাসী ত্ৰিপুৰাত বিৰোধীবিহীন চৰকাৰ গঠন কৰিবলৈ। মুঠ ৬০ খন আসনৰ ৫৫ খনতেই প্ৰতিদ্বন্দিতা আগবঢ়াইছে শাসনাধিষ্ঠ বিজেপি দলে। আনহাতে বামপন্থী মিত্ৰজোটে আগবঢ়াইছে ৪৭ খন আসনত প্ৰতিদ্বন্দিতা আৰু ত্ৰিপা মথাই ৪২ খন আসনত।ইয়াৰ উপৰিও কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ১৩ খন আসনত। আজি ভোটাৰৰ হাতত ন্যস্ত ভৱিষ্যত। আজিৰ দিনটোৰ ওপৰত ভিত্তি কৰিয়েই আগন্তুক মাৰ্চ মাহৰ ২ তাৰিখে অন্ত পৰিব সকলো কল্পনা জল্পনাৰ।
