শিৱসাগৰ, ২০ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা অভিযানৰ মাজতে শিৱসাগৰৰ গেলেকী ৰঙাগড়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইনামূল হুছেইন ওৰফে বিটু নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। ঘটনা বিৱৰণী অনুসৰি যোৱানিশা গেলেকী আৰক্ষী থানাৰ সমীপতে এখন ASO4-Z-8988 নম্বৰৰ TVS SCOOTY লৈ ড্ৰাগছসহ এজন যুৱকক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ বিষয়ে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰ এটি দল লেৰ ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱক ইনামূল হুছেইন বুলি চিনান্ত কৰাৰ লগতে যুৱক জনৰ পৰা ২.৪৩ গ্ৰাম ব্ৰাউন চুগাৰৰ দুটা টেমা, দুটা খালী কন্টেইনাৰ, এটা ম’বাইল ফোন আৰু নগদ কিছু টকা উদ্ধাৰ কৰে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে যুৱকজনক ন্যায়লয়ত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।