নিউজ ডেক্স,২৬ ফেব্ৰুৱাৰীঃ পুনৰ কাশ্মীৰত ধৰ্মীয় সংঘাত তুংগত উঠিছে। উল্লেখ যে পূৰ্বৰে পৰাই অশান্ত হৈ থকা কাশ্মীৰ মাজতে কিছু পৰিমাণে শান্ত হৈ পৰিছিল যদিও পুনৰ আৰম্ভ হৈছে হিন্দু সকলৰ ওপৰত চলা অত্যাচাৰ। এই অত্যাচাৰ অৱশ্যে কাশ্মীৰৰ সাধাৰণ জনতাই সৃষ্টি কৰা নহয়। এই অত্যাচাৰ কিছু সন্ত্ৰাসবাদীৰহে সৃষ্ট। উল্লেখ্য যে কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে স্থানীয় বেংকৰ নিৰাপত্তাৰক্ষী সঞ্জয় শৰ্মাই। সঞ্জয় শৰ্মাই বজাৰলৈ যোৱা অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হয়। নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়লৈ দুৰ্ভগীয়া সঞ্জয় শৰ্মাক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাৰ পাছত আৰক্ষীৰ ভাষ্য অনুসৰি বৰ্তমান এগৰাকী নিৰাপত্তাৰক্ষী নিযুক্ত কৰা হৈছে সংখ্যালঘু সকলৰ সুৰক্ষাৰ বাবে। কিন্তু কেৱল এজন নিৰাপত্তাৰক্ষীয়ে জানো সুৰক্ষা প্ৰদান কৰিব পাৰিব এখন গাঁৱক।










