বৰপেটা,২৬ ফেব্ৰুৱাৰীঃ বৰপেটা সত্ৰত ৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ, বংশৰা আৰু সম্প্ৰদায়ে আৰম্ভ কৰিছে প্ৰস্তুতি। পূৰ্ব পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ বংশৰাসকলেও দৌল মহোৎসৱৰ প্ৰস্তুতি চলোৱা দেখা গৈছে ৷ আকৌ আহিল দৌল মহোৎসৱ ৷ অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হ’ব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চত বহ্নুৎসৱ, ৭ আৰু ৮ মাৰ্চত ভৰদৌল আৰু ৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা ৷ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিতব্য বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰৰ দৌল মহোৎসৱ বা আন তিথি, অনুষ্ঠান আদি পালনৰ ক্ষেত্ৰত যথাবিধি বংশানুক্ৰমে বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে দায়িত্ব পালন কৰি আহিছে ৷ পিছে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি সেইমতে সত্ৰৰ বংশৰাসকলেও দৌল মহোৎসৱৰ প্ৰস্তুতি চলাই আছে ৷ উল্লেখ্য যে, এইবেলি চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱক লৈ বৰপেটা সত্ৰ সমিতিয়েও ব্যাপক প্ৰস্তুতি চলাই আছে ৷ অনহাতে আজি এনেদৰে স্থানীয় ব্যক্তিসকলেও অতিথিক আদৰিবলৈ সত্ৰখনত চাফা-চিকুণ কৰি থকা পৰিলক্ষিত হৈছে ৷