গুৱাহাটী,২৮ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। আজিৰ কেবিনেটে চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। অসমত চাহ শিল্পৰ দুশ বছৰ পূৰ্তি উপলক্ষ্যে ৫০০ খন চাহ বাগিছাত ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ’ কৰা হ’ব। এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত চাহ বাগিচাত ৫০০টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্র নির্মাণৰ বাবে ৭৫০ কোটি টকা আজিৰ কেবিনেটে মোকলাই দিয়ে। এই প্রকল্পই বিভিন্ন সাংস্কৃতিক আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ দিশত প্ৰতিখন চাহ বাগিচাৰ লগতে সামূহিক কেন্দ্রসমূহত দক্ষতাৰ সুবিধা প্রদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰিব।
আনহাতে কেবিনেটত ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সুত সাহায্যৰ প্ৰয়োজনীয়তা পূৰণৰ হেতু ১০৪.৫৭ কোটি টকাৰ অনুমোদন দিয়া হয়। গৃহ নিৰ্মাণৰ বাবে প্ৰতিজন বিষয়া-কৰ্মচাৰীক ২০ লাখ টকাৰ ঋণ দিয়া হয়। এতিয়ালৈকে ৰাজ্য চৰকাৰৰ ৩৬,১৫৯ গৰাকী বিষয়া-কৰ্মচাৰীয়ে এই ঋণ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে ৫ হাজাৰ কোটি টকা দিয়া হৈছে। কেবিনেটত ভূমি সংৰক্ষণ সেৱা নীতিৰ ক্ষেত্রতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভূমি সংৰক্ষণ বিভাগত প্রশাসন ব্যৱস্থা সুশৃংখলিত কৰাৰ লক্ষ্যৰে অসম ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩ত আজিৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত বিভাগটোৰ বিভিন্ন কেডাৰৰ (গেজেটেড) পদোন্নতি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰা হ’ব। এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব।










