গুৱাহাটী,৩ মাৰ্চঃ ৰাজ্যজুৰি অব্যাহত আছে চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযান। এই অভিযানৰ মাজতে আজি ৰাজ্যত গ্ৰেপ্তাৰ হয় তিনি ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি অহা ৰাজ্য চৰকাৰৰ পুলিচ বাহিনীয়ে একেদিনাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰিলে তিনিজন ঘোচখোৰ কৰ্মচাৰীক। কলিয়াবৰ, গুৱাহাটীৰ খানাপাৰা আৰু গোৱালপাৰাত আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এই কৰ্মচাৰীসকল। গুৱাহাটীত আৰক্ষীৰ জালত পৰে খানাপাৰাৰ সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস। গুৱাহাটীৰ খানাপাৰাৰ সমবায় ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দাসক। দাসে পেঞ্চনৰ কামৰ বাবদ লৈছিল উৎকোচ। দাবী কৰা ৫ হাজাৰ টকাৰ ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ আধাৰত ০৮/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে।
সেইদৰে গোৱালপাৰাত আৰক্ষীৰ জালত পৰে এজন শিক্ষা বিষয়া। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা শিক্ষা বিষয়াজন বজলুল বাছিত সৰকাৰ। তেওঁ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ঘোচ লৈ থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁ এহাজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰে। তেওঁৰ বিৰুদ্ধে ০৯/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে।
আনহাতে তৃতীয়জন চৰকাৰী কৰ্মচাৰী আৰক্ষীৰ জালত পৰে কলিয়াবৰত। নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই মাটি কিনা-বেচাৰ অনুমতিৰ নামত বিচাৰিছিল ৩ হাজাৰ টকা। দুহেজাৰ টকা আগধন লওঁতেই ধৰা পৰে প্ৰাঞ্জল বৰা। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ০৭/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰে। উল্লেখ যে বিগত সময়ত দুৰ্নীতিগ্ৰস্ত কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে যদিও বন্ধ হোৱা নাই ঘোচ লোৱা প্ৰক্ৰিয়া।