গুৱাহাটী,৭ মাৰ্চঃ মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৰ বিৰুদ্ধে আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হয়। অসমৰ মানুহে কুকুৰ খায় বুলি মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৱে কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৱে অসমৰ লোকে কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলি বিধানসভাত মন্তব্য কৰিছিল। লক্ষণীয় বিষয় যে মহাৰাষ্ট্ৰত তথা বিশেষকৈ মুম্বাইত মালিকবিহীন পথৰ কুকুৰ সমূহৰ উপদ্ৰৱ পুৰণি। সততেই তেনে কুকুৰৰ আক্ৰমণৰ বলি হয় নাগৰিকসকল। কেৱল এয়াই নহয় বৰং মুম্বাই পৌৰ নিগমেও বছৰি যথেষ্ট সময় আৰু টকা ব্যয় কৰিব লগীয়া হয় এই পদপথৰ কুকুৰৰ বাবে। যাৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভাত উত্থাপিত হৈছিল এই বিষয়টো আৰু তাৰ পাছতেই বাচু কাডুৱে অসমৰ প্ৰসংগৰে আগবঢ়ায় অতি বিতৰ্কিত মন্তব্য। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমানিত কৰা এই ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ বিধায়কজনে অসম সম্পৰ্কে কৰা এনে অপমানজনক মন্তব্য কৰাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হয়। এজাহাৰ দাখিল কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষী বিষয়াগৰাকীক অসমীয়াৰ আত্মাক যাতে আঘাত কৰা নহয় তাৰ কাৰণে অসমীয়া অফিচাৰ হিচাপে কাম কৰিবলৈ অনুৰোধ জনাইছো। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি মীৰা বৰঠাকুৰে কয় যে গৃহ বিভাগৰ দায়িত্ব পালনত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। তেওঁ বিধায়ক বাচু কাডুক নাকি লগাই ধৰি আনিবৰ বাবে দাবী জনায়। লগতে বিধায়কজনে ক্ষমা খোজাৰো তেওঁ দাবী জনায়।