লখিমপুৰ ১১ মাৰ্চঃ নিজকে আৰক্ষী বিষয়া বুলি প্ৰচাৰ কৰি চাকৰি দিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে ধন সংগ্ৰহ কৰি অহা আৰু এগৰাকী স্বয়ম্ভু আৰক্ষী বিষয়াক ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ঘটনাৰ বিৱৰণি মতে লখিমপুৰ জিলাৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাবতি শিং কটাৰ বাসীন্দা মনোজ তামুলীয়ে নিজকে যোৰহাটৰ এগৰাকী আৰক্ষী বিষয়া বুলি মানুহৰ আগত নিজকে প্ৰচাৰ কৰিছিল আৰু চাকৰি দিয়াৰ প্ৰলোভন দি লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন স্থানত ধন সংগ্ৰহৰ জাল পেলাইছিল ৷ বিশেষকৈ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন লাটৰ গাঁও প্ৰধান সমূহৰ টেলিফোন নম্বৰ সংগ্ৰহ কৰি এই গাঁও প্ৰধান সকলক উল্লিখিত স্থান বা গাঁও সমূহত কিমান আৰক্ষী, বনবিভাগ, ভাৰতীয় সৈন্য বাহিনীৰ চাকৰিপ্ৰাৰ্থী আছে তাৰ তথ্য যোগান দিবলৈ টেলিফোনৰ জৰিয়তে নিৰ্দেশ দিছিল ৷ যদি এই নিৰ্দেশ অমান্য কৰে তেন্তে গাঁও প্ৰধান সকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’ব বুলি ভুৱা আৰক্ষী বিষয়া মনোজ তামুলীয়ে ভাবুকি প্ৰদান কৰিছিল ৷ তদুপৰি চাকৰিৰ আশাত বন্দী গোগামুখ, মিংমাং, ওখমাটি, শলখবাৰী, লখিমপুৰৰ চাউলধোৱা আদিৰ বহু যুৱক-যুৱতীৰ লগত নিজেই টেলিফোনত যোগাযোগ কৰি দুই লাখৰ পৰা তিনি লাখ টকা পৰ্যন্ত দাবী কৰিছিল ৷ আগধন হিচাপে বিচাৰিছিল ৫০ হাজাৰৰ পৰা এক লাখ টকা আৰু বাকী থকা চাকৰি হোৱাৰ পাছত দিবলৈ নিৰ্দেশ দিছিল ৷ স্বয়ম্ভু আৰক্ষী বিষয়া মনোজ তামুলিৰ এনে কাৰ্যত সন্দেহ হৈ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত তিনিখন লাটৰ তিনিগৰাকী গাঁও প্ৰধান আৰু একাংশ চাকৰী প্ৰত্যাশী প্ৰাৰ্থীয়ে চলিত মাহৰ ৩ মাৰ্চত গেৰুকামুখ আৰক্ষীৰ ওচৰ চাপে ৷ গেৰুকামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মনোজ তামুলিৰ বিৰুদ্ধে গোপনে অভিযান আৰম্ভ কৰিছিল । অৱশেষত আজি পুৱতি নিশা লখিমপুৰ জিলাৰ চাবতিস্থিত শিং কটা নিজা গাঁৱৰ পৰা স্বয়ম্ভু আৰক্ষী বিষয়া মনোজ তামুলিক আটক কৰিবলৈ সক্ষম হয় ৷ মনোজ তামুলীয়ে নিজৰ মোবাইল ফোনটো দলিয়াই পেলাই পলাবলৈ লৈছিল যদিও গেৰুকামুখ আৰক্ষীয়ে তৎপৰতাৰে মনোজ তামুলীক আটক কৰে ৷ অপৰাধী মনোজ তামুলীক অধিক জেৰা কৰিলে আৰু অধিক দালাল তথা অপৰাধী চক্ৰ ধৰা পৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে ৷ উল্লেখনীয় যে, ২০২০ চনৰ অসম আৰক্ষীৰ এছ আই পৰীক্ষাটো বহু চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি দিম বুলি ধন সংগ্ৰহ কৰি লখিমপুৰ আৰক্ষীৰ জালত পৰি ৰঙা ঘৰৰ আলহী হৈছিল বিভিন্ন অপৰাধত জৰিত স্বয়ম্ভু আৰক্ষী বিষয়া মনোজ তামুলীয়ে ৷

Home অসম আৰু উত্তৰপূব চাকৰি দিম বুলিপ্ৰলোভনেৰে ধন সংগ্ৰহ কৰা স্বয়ম্ভু আৰক্ষী বিষয়াক গেৰুকামুখ আৰক্ষীৰ দ্বাৰা...