তিনিচুকীয়া,১৪ মাৰ্চঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, এনকাউন্টাৰ ৰাজ বন্ধ কৰাৰ লগতে আন কেবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদত নামিল বিৰোধী যৌথ ৰাজনৈতিক মঞ্চ। বিজেপি চৰকাৰ শাসনলৈ অহা পাছৰ পৰাই বিভিন্ন সময়ত ভাৰতবৰ্ষৰ লগতে অসমতো মূল্যবৃদ্ধিৰ লগতে বিভিন্ন সমস্যাই ৰাইজক জুৰুলা কৰাৰ অভিযোগ কৰি আজি তিনিচুকীয়াত সৰৱ হৈ পৰে বিৰোধী যৌথ ৰাজনৈতিক মঞ্চৰ নেতৃত্ব। বিৰোধী যৌথ ৰাজনৈতিক মঞ্চৰ উদ্যোগত তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মূল্যবৃদ্ধি ৰোধ কৰা, এনকাউণ্টাৰ ৰাজ বন্ধ কৰা, সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, আইনৰ শাসন প্ৰতিষ্ঠা কৰাকে ধৰি বহু কেইটা দাবী সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে তিনিচুকীয়া চহৰৰ আকাশ বতাহ কঁপাই তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীতে বিৰোধী যৌথ ৰাজনৈতিক মঞ্চই তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ তিনিচুকীয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে।
