নিউজ ডেক্স,২১ মাৰ্চঃ দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাজেট উত্থাপনত ৰাজ্য চৰকাৰক বাধা দিলে কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে দিল্লী বিধানসভাত আপ চৰকাৰে উত্থাপন কৰাৰ কথা আছিল ২০২৩-২৪ বৰ্ষৰ বাজেট। কিন্তু শেষ মুহূৰ্তত গৃহ মন্ত্ৰণালয়ে এই বাজেট উত্থাপনত নিষেধাজ্ঞা জাৰি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীৰ গৰ্ভনৰৰ জৰিয়তে গৃহমন্ত্ৰণালয়ে বিজ্ঞাপনকে ধৰি তিনিটা বিষয়ত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। দিল্লী চৰকাৰে এই পৰ্যন্ত এই তিনিওটা বিষয়ৰ কোনো উত্তৰ দিয়া নাই। অৰ্থাৎ দিল্লী চৰকাৰে উত্থাপন হ’বলগীয়া বাজেট সম্পূৰ্ণৰূপে অনুমোদনৰ বাবে প্ৰেৰণ কৰা নাছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে। পত্ৰখনত তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰী, আপুনি দিল্লীৰ জনসাধাৰণৰ ওপৰত কিয় খং কৰিছে? অনুগ্ৰহ কৰি বাজেট বন্ধ নকৰিব। কেজৰিৱালে লগতে কয় যে দেশৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথম বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে, য’ত কেন্দ্ৰই দিল্লীত উত্থাপন কৰাৰ এদিন আগতে বাজেট নিষিদ্ধ কৰিছে। এইয়া কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া গুণ্ডামি। দিল্লীৰ বিত্তমন্ত্ৰীয়ে মঙলবাৰে দিল্লী বিধানসভাত কয় যে বাজেট ফাইলটো পুনৰ গৃহ মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। বাজেট স্থগিত ৰখাৰ বাবে দুখ প্ৰকাশ কৰি তেওঁ প্ৰশ্ন কৰি কয় যে জনসাধাৰণৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু কেবিনেট থাকিও কি লাভ।