গুৱাহাটী,২৪ মাৰ্চঃ অসম লোক সেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ৰাকেশ পাল জামিন। অসম লোক সেৱা আয়োগত হোৱা বৃহৎ কেলেংকাৰিৰ অভিযোগত ২০১৭ চনত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল। ৬ বছৰ ৪ মাহ কাৰাগাৰত থকাৰ পিছত ৰাকেশ পালৰ জামিন মঞ্জুৰ। দীৰ্ঘসময় ধৰি কাৰাবন্দী হৈ থকা ৰাকেশ পালে অৱশেষত ভঙাগড় থানাৰ গোচৰতো লাভ কৰিলে জামিন। ইয়াৰ পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল ৰাকেশ পালে। ভঙাগড় থানাৰ গোচৰত জামিন পোৱাৰ লগে লগে ৰাকেশ পালৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল। অচিৰেই কাৰামুক্ত হ’ব ৰাকেশ পাল। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা ৰাকেশ পালে ইতিমধ্যে চি আই ডিত থকা গোচৰত জামিন লাভ কৰিছে। তদুপৰি ডিব্ৰুগড়, দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰিছে ৰাকেশ পালে। বাকী থকা ভঙাগড় থানাৰ গোচৰতো অৱশেষত জামিন লাভ কৰিলে ৰাকেশ পালে। যাৰ পৰিপ্ৰেক্ষিত ৰাকেশ পালৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল। উল্লেখ্য যে পূৰ্বে কেইবাবাৰো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল ৰাকেশ পালৰ জামিন আবেদন।










