গুৱাহাটী,২৮ মাৰ্চঃ ছয় বছৰ চাৰি মাহ কাৰাৰুদ্ধ হৈ থকাৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম খলনায়ক ৰাকেশ পাল। মুকলি আকাশৰ তললৈ ওলাই আহি কাৰাগাৰৰ অভিজ্ঞতা ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত ৰাকেশ পালে কয় যে জে’লৰ ভিতৰত নামঘৰ বনালো, বহুত ভাল কাম কৰিলো। গুৱাহাটী উচ্চ ন্যায়ালয় জামিন মঞ্জুৰ কৰাৰ পিছতে আজি বিয়লি মুকলি আকাশৰ তললৈ ওলাই আহে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল। কাৰাবন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিয়েই সকলোকে ধন্যবাদ জনালে ৰাকেশ পালে। উল্লেখ্য যে অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে ২০১৬ চনৰ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গৃহাভিমুখে ৰাকেশ পাল। সাংবাদিকৰ আগত তেওঁ কয় যে – ‘জে’লৰ ভিতৰতে নামঘৰ বনালো, মিউজিয়াম বনালো ‘বহুত ভাল কাম কৰিলো।’ আনহাতে ৰাকেশ পালৰ ক্ষেত্ৰত কেইবাটাও নীতি-নিৰ্দেশনা আদালতে প্ৰদান কৰিছে। গুৱাহাটীৰ পৰা বাহিৰলৈ গ’লে অনুমতি ল’ব লাগিব বিশেষ আদালতৰ। বিশেষ আদালতত জমা ৰখা হৈছে ৰাকেশ পালৰ পাছপ’ৰ্ট। ইয়াৰ উপৰিও এ পি এছ চিৰ গোচৰত সম্পূৰ্ণ সহযোগ কৰিব লাগিব কেলেংকাৰীৰ খলনায়কজনে। এ পি এছ চি গোচৰৰ ৰাজসাক্ষীক প্ৰদৰ্শন কৰিব নোৱাৰিব ভয়-ভীতি। ইফালে এ পি এছ চিৰ কেলেংকাৰীৰ সন্দৰ্ভত কোনো বিশেষ মতামত প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৰাকেশ পাল।










