গুৱাহাটী,৩০ মাৰ্চঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি অসমলৈ উভতি অহা বক্সাৰ লাভলীনা বৰগোহাঁইক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে। বক্সিঙৰ বিশ্ব খিতাপ জয় কৰি অসমৰ লগতে দেশবাসীক গৌৰাম্বিত কৰাৰ বাবে মুখ্যমন্ত্রীয়ে লাভলীনা বৰগোহাঁইক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে কয় যে লাভলীনা বৰগোহাঁয়ে অসম আৰু ভাৰতীয় ক্ৰীড়াক এক নতুন শীৰ্ষলৈ লৈ গৈছে। নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰা লাভলীনা বৰগোহাঁয়ে অনাগত দিনত আৰু বহুতো পদকৰে দেশবাসীক গৌৰাম্বিত কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্ৰকাশ কৰে। উল্লেখ্য যে শেহতীয়াকৈ আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল লাভলীনাই। স্বৰ্ণ জয় কৰাৰ পাছত বক্সাৰগৰাকী আজি পুৱা গুৱাহাটীত উপস্থিত হয়। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ পাছত আজি পুৱাই গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয়। বিমান বন্দৰৰ পৰা লাভলীনা বৰগোহাঁয়ে পোনে পোনে শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ যায়। বক্সাৰগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ দেৱালয়ত উপস্থিত হয়। লাভলীনাই পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ায়। ইফালে জনতা ভৱনত মুখ্যমন্ত্রীয়ে সম্বৰ্ধনা জনোৱাৰ পাছতে বিয়লি আসাম এমেচাৰ বক্সিং ফেডাৰেচনে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাইজৰ মৰমত আপ্লুত হৈ পৰা লাভলীনা বৰগোহাঁয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে অসমৰ মানুহে মোকলৈ কৰা আশাবোৰ সজীৱ কৰিব পৰা কাৰণে মই সুখী। তেওঁ কয় যে অলিম্পিকৰ পিছত তেওঁৰ জীৱনত বহু উত্থান-পতন আহিছিল। আনহাতে কমনৱেল্থত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীন হৈছিল। তেওঁ লগতে কয় যে অলিম্পিকৰ ব্ৰঞ্জ মেডেলটো গ’ল্ডলৈ ৰূপান্তৰ কৰাটো বৰ্ত্তমান তেওঁৰ লক্ষ্য। উল্লেখ্য যে অসমৰ নাম বিশ্ব বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিখি অসমবাসীক গৌৰান্বিত কৰি তোলা লাভলীনালৈ ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা পুৰষ্কাৰ ঘোষণা কৰা হৈছে।
