বিজনী, ৩১মাৰ্চঃৰাজ্যত অব্যাহত আছে কেকো সাপৰ অবৈধ সৰবৰাহ।আজি দিনৰ ভাগত চিৰাং জিলাৰ বিজনীত এছএছবিৰ অভিযানত দুটা কেকো সাপ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে দুটা কেকো সাপ।এছএছবিৰ গোপন খবৰৰ ভিত্তিত কুমাৰশালিস্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ তত্বাৱধানত এটা দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কেকো সাপ দুটা।গোৱালপাৰাৰ কৃষ্ণাই নিবাসী জাহানুৰ আলী(43) আৰু আবদুল গুণীয়ে(33) AS 19M 1928 নম্বৰৰ হুণ্ডাই ইয়ন গাড়ী খনেৰে বিজনীলৈ আনি থকা অৱস্থাত এছএছিবিৰ জালত পৰে।পাছত এছএছবিৰ দলটোৱে কেকো সাপসহ ধৃত সৰবৰাহকাৰী দুটাক বন বিভাগৰ বিজনী ডিপট কাৰ্যালয়ত চমজাই দিয়ে।










