লখিমপুৰ, ৯,এপ্ৰিল ; গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত অহা ১৪ এপ্ৰিল, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিহু প্ৰদৰ্শন অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বিহুনৃত্য শিল্পীসকলৰ বাচনি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে৷ এই মহান উদ্দেশ্যৰ অংশ স্বৰূপে লখিমপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া বিহুৱা-বিহুৱতীসকলৰ বাবে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি জিলা পৰ্যায়ৰ তথা কেন্দ্ৰীয়ভাৱে আয়োজন কৰা বিহু আখৰাৰ সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী যোগেন মহন উপস্থিত থাকি সকলোকে উৎসাহিত কৰে৷ সামৰণি অনুষ্ঠানত বিহুৱা বিহুৱতী তথা বিহুনৃত্য শিল্পীসকলৰ উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে সকলোকে সুন্দৰভাবে অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ এই যাত্ৰাত এক বিৰল মুহুৰ্তৰ সাক্ষী হবলৈ আহ্বান জনায়৷ বিহুক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰ্যটন বিভাগকো এক উদ্যোগৰ মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানে এক বৃহৎ অৰিহনা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়। জিলা প্ৰশাসনৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে সুন্দৰ উপস্থাপনেৰে আঁত ধৰাএই কাৰ্যসুচীত আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত সুমিত সত্বাৱানে অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপক শলাগ লোৱাৰ লগতে উপস্থিত থকা বিহুৱা বিহুৱতী সকলক এই কাৰ্যসূচী সফল কৰি লখিমপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ নাম উজ্বলাবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সকলোৰে সহায় সহযোগিতাও কামনা কৰে l উল্লেখ্য যে, ২১ খন বাছত লখিমপুৰৰ ৭০০ বিহুৱা- বিহুৱতীৰ দলটো, ১জন নডেল বিষয়া, ১৪ জন সহকাৰী নডেল বিষয়া, ১৬ গৰাকী মাষ্টাৰ প্ৰশিক্ষকসহ, কাইলৈ অৰ্থাৎ ১০ এপ্ৰিল, ২০২৩ তাৰিখে পুৱা ৮ বজাত গুৱাহাটীলৈ বুলি ৰাওনা হব। আজিৰ এই কাৰ্যসূচীত নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, ঢখুৱাখানাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা জিলাপৰিষদৰ সভানেত্রী মঞ্জু বৰগোঁহাই,অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং, সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰী লখিমপুৰ, বিহপুৰীয়া আৰু ঢখুৱাখানা পৌৰসভাৰ পৌৰপতিসকল, জিলা প্ৰশাসনৰ মূৰব্বী বিষয়াসকল, প্ৰশিক্ষকসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।