গুৱাহাটী,১১ এপ্ৰিলঃ মন্ত্ৰী অশোক সিংহলে আজি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। লগতে সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকা সমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে।

Home অসম আৰু উত্তৰপূব নীতি-নিয়ম মানি নচলা অট্টালিকা সমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ