গুৱাহাটী,২০ এপ্ৰিলঃ অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত আজি অসম চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতেও এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে দুই ৰাজ্যৰ মুখ্যমন্ত্রীয়ে। এই চুক্তিত অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণাচল চৰকাৰৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে স্বাক্ষৰ কৰে। এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে বুজাপৰাৰ চুক্তি স্বাক্ষৰিত হোৱাটো এক বৃহত সাফল্য। উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশে মুঠ ৮০০ কিলোমিটাৰ আন্তঃৰাজ্যিক সীমা ভাগ-বতৰা কৰিছে। আজিৰ এই চুক্তিৰ জৰিয়তে ৮০০ কিলোমিটাৰ সীমান্তৰ ১২৩ খন গাঁৱৰ সীমাক লৈ চলি থকা বিতৰ্ক আৰু সংঘাতৰ অৱসানৰ চেষ্টা চলোৱা হৈছে। দীৰ্ঘদিন ধৰি চলি অহা এই সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে ইতিপূৰ্বে ১২ খন আঞ্চলিক সমিতি গঠন কৰি দিছিল। এই সমিতিসমূহৰ পৰামৰ্শসমূহ অসম চৰকাৰে কেবিনেটে ইতিপূৰ্বে অনুমোদন জনাইছিল। সেই পৰামৰ্শৰ ভিত্তিতে এই বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে।