গুৱাহাটী,২৯ এপ্ৰিলঃ অসমৰ উদ্যোগীকৰণৰ ক্ষেত্রত বিকাশ সাধনৰ লক্ষ্যৰে যৌথভাৱে কাম কৰাৰ উদ্দেশে শনিবাৰে অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি সাক্ষৰ হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত এই বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰে প্ৰতিষ্ঠান দুটাই বিষয়ববীয়াই। এই চুক্তিৰ যোগেদি অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে জইণ্ট ভেঞ্চাৰ কোম্পানী গঠন কৰি কাম কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো আমাৰ বাবে গৌৰৱৰ দিন। অসমৰ উদ্যোগীকৰণৰ দিশত আৰু এখোজ আগুৱাই গ’ল। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে এটা নতুন জইণ্ট ভেঞ্চাৰ কোম্পানী কৰাৰ বাবে আজি চুক্তি সাক্ষৰিত কৰে। এই কোম্পানীটোৱে প্ৰথম অৱস্থাত ৫০০ কোটি টকা শ্বেয়াৰ কেপিটেলেৰে আগবাঢ়িব। এইক্ষেত্রত অসম গেছ কোম্পানী লিমিটেডৰ ৫১ শতাংশ আৰু অইলৰ ৪৯ শতাংশ অংশীদ্বাৰিত্ব থাকিব। এই কোম্পানীটোৰ প্ৰধান লক্ষ্য হ’ব চিটি গেছ ডিচট্ৰিবিউচন।অৰ্থাৎ মানুহৰ ঘৰত এল পি জিৰ পৰিৱৰ্তে পাইপ লাইনেৰে গেছৰ যোগান ধৰিব। লখিমপুৰ, দৰং, ধেমাজি, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত চিটি গেছ ডিচট্ৰিবিউচন বনোৱা হ’ব। এই কোম্পানীটোৱে অসমৰ উপৰি ত্রিপুৰাৰ প্ৰায় আধা অংশ সামৰি ল’ব। তেওঁ লগতে কয় যে সৰুপথাৰৰ পৰা নুমলীগড়লৈ গেছ অনাৰ বাবে ২০০ কোটি টকাৰ গেছ পাইপ লাইন কৰা হৈছে। অসম গেছ কোম্পানী লিমিটেড অসম চৰকাৰৰ এটা লাভজনক প্ৰতিষ্ঠান বুলি সদৰি কৰি তেওঁ কয় যে  ইয়াৰ যোগেদি চিটি গেছ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে যোৱা বছৰ অইল ইণ্ডিয়াই অসমৰ পৰা ৩.১৮ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষটো অসমৰ বাবে অইল আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্রত ইতিবাচক বৰ্ষ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত অসমে অভিলেখ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছিল। অসমত বিনিয়োগৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে  অইলে সৌৰ প্ৰকল্পৰ বাবে অসম চৰকাৰক সহযোগ কৰিছে। তেওঁ লগতে কয় যে ৯ মে’ত অসমত ৯ হাজাৰ কোটি টকাৰ ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰস্তাৱ সাক্ষৰিত কৰা হ’ব।  অনুষ্ঠানত মন্ত্রী বিমল বড়া, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলিন চেতিয়া, অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালৰ ৰঞ্জন ৰথ, অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল স্বৰগয়াৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।