চিৰাং,২ মে’: চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত আজি বিয়লি নিচাযুক্ত দ্ৰব্যৰ কু-প্ৰভাৱ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। চিৰাঙৰ ৰাষ্ট্ৰীয় মাদক দ্ৰব্য নিবাৰণ সমন্বয়কৰ উদ্যোগত আৰু বিজনী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিৰাঙৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডী। চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে আঁত ধৰা উক্ত সভাত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা, বিজনীৰ মহকুমাধিপতি অভিষেক জৈন, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱ জ্যোতি কলিতা, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বীৰহাসগিৰী বসুমতাৰী, চিৰাঙৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চায়েদা ছাবিনা আফজাল জিন্নাদ, চিৰাঙৰ স্বাস্থ্য বিষয়া ক্ৰিটিছ চাহু আৰু বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাসহ অতিথি বৃন্দ উপস্থিত থাকি নিচামুক্ত এখন সমাজ গঢ়াৰ বাবে ভাষণ প্ৰদান কৰে। সভাত বিজনী মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।