গুৱাহাটী,৩ মে’: ৰাজ্য চৰকাৰৰ ৪৭ বিভাগৰ তৃতীয় বৰ্গৰ বাবে অনুষ্ঠিত হোৱা ১১৫১০ টা পদত উত্তীৰ্ণ হৈছে ১১৩২৪ গৰাকী প্ৰাৰ্থী। গুৱাহাটীৰ খানাপাৰাস্থ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে তৃতীয় বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ অধ্যক্ষ আশীষ কুমাৰ ভূটানীয়ে। আজি দিনৰ ২ বজাৰ পৰা ছেবা আৰু অসম চৰকাৰৰ ৱেবচাইটত উপলব্ধ হৈছে পৰীক্ষা ফলাফলসমূহ। ছেবাৰ ৱেবচাইট www.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবচাইট https://assam.gov.in যোগে প্ৰাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু পাচৱাৰ্ডৰ জৰিয়তে ফলাফল চাব পৰাৰ ব্যৱস্থা কৰা হৈছে। তৃতীয় বৰ্গৰ ১১৫১০ টা পদৰ বাবে ছেবাই অনুষ্ঠিত কৰা পৰীক্ষাত ৯২১৬৩৪ খন আবেদন লাভ কৰা হৈছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৮২৮৮৬০ গৰাকী প্ৰাৰ্থী। তিনিটা কেটেগৰীৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত স্কীল টেষ্ট অনুষ্ঠিত হৈছিল। দুয়োটা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয়।