গুৱাহাটী,২ মে’ : দুশ বছৰ হোৱা অসমৰ চাহকলৈ ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰি অহা চাহ উদ্যোগটোৰ বাবে চৰকাৰে কেবিনেটতো কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে চাহৰ ক্ষুদ্ৰ কল ঘৰ স্থাপনত গুৰুত্ব আৰোপ কৰিছে। বটলিফ ফেক্টৰীসমূহে কেঁচাপাত ক্ৰয়ৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৰি অহা প্ৰতাৰণাৰ অৱসান ঘটাবলৈ ক্ষুদ্ৰ কল ঘৰ স্থাপনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
গুৰুত্ব আৰোপ কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক প্রতিশ্রুতি দিছে। ইতিমধ্যে চৰকাৰৰ ৰাজহ শিতানত জমা হৈ থকা চাহৰ উপকৰৰ ধনেৰে ৭০ শতাংশ ৰাজ সাহায্যত ক্ষুদ্র কল ঘৰ স্থাপনৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হৈছে। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই প্ৰস্তাৱ প্ৰস্তুত কৰি উদ্যোগ বিভাগৰ ওচৰত দাখিল কৰিছিল আৰু উদ্যোগ বিভাগে সেই প্ৰস্তাৱত অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিছে। উক্ত প্ৰস্তাৱৰ ভিত্তিত কম দিনৰ ভিতৰতে ক্ষুদ্ৰ চাহ খেতিয়কে ভাল খবৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্রদান কৰিছে। উল্লেখ্য যে ক্ষুদ্র কল ঘৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনালে উপ-কৰৰ ধনেৰে প্ৰায় ২৫০ টা ক্ষুদ্র কল ঘৰ স্থাপনৰ পথ প্রশস্ত হ’ব আৰু ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত বিক্ৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাৰ পৰা মুক্ত হ’ব। ক্ষুদ্র কল ঘৰৰ অভাৱত ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি পর্যন্ত বটলিফ ফেক্টৰী আৰু বাগিচাৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। যাৰ ফলত কেঁচাপাতৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল। বটলিফ ফেক্টৰীসমূহে উচিত মূল্য নিদিয়াত ক্ষুদ্র চাহ খেতিয়কসকলে প্ৰায়ে কম মূল্যত কেঁচাপাত বিক্ৰী কৰিবলৈ বাধ্য হৈ আহিছে। অসমৰ চাহে দুশ বছৰত ভৰি দিয়াৰ সময়তো ক্ষুদ্ৰ চাহ খেতিয়কসকল কেঁচাপাতৰ উচিত মূল্য লাভ কৰাত প্ৰায়ে বঞ্চিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই
সমস্যাটো দূৰ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সদিচ্ছা প্রকাশ কৰিছে। ৰাজসাহায্যত ক্ষুদ্ৰ চাহ খেতিয়কে ক্ষুদ্র কল ঘৰ স্থাপন কৰিবলৈ সক্ষম হ’লে কেঁচাপাত বিক্ৰীৰ বাবে বটলিফ ফেক্টৰীৰ ওচৰত নিৰ্ভৰ কৰি অহাৰ প্ৰৱণতা হ্রাস পাব আৰু কেঁচাপাতৰ উচিত মূল্য লাভ কৰিব। লক্ষণীয় বিষয় যে ক্ষুদ্র কল ঘৰ স্থাপনত চৰকাৰে অনুমোদন জনালে চৰকাৰৰো কোনো লোকচান নহয়। কাৰণ কল ঘৰ স্থাপনৰ বাবে চৰকাৰৰ হাতত সেই ধন জমা আছে। চৰকাৰে ২০০৯ চনৰ পৰা ২০১৬ চনপর্যন্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা উপকৰ সংগ্ৰহ কৰিছিল। ২০০৯ চনত প্ৰতি কিল’গ্রাম কেঁচাপাৰ বিপৰীতে ২০ পইচাকৈ আৰু পৰৱৰ্তী সময়ত ২৫ পইচাকৈ সংগ্ৰহ কৰিছিল। কিন্তু ২০১৬ চনৰ পৰা চাহৰ উপকৰ সংগ্ৰহ প্ৰক্ৰিয়াতো চৰকাৰে বন্ধ কৰি পূৰ্বৰ পৰা সংগ্ৰহ কৰা উপকৰৰ ধন ৰাজহ জমা শিতানত জমা ৰাখে। উপকৰৰ নামত সংগৃহীত ধনৰ পৰা ১০০ কোটি মান টকা চাহৰ গৱেষণা, প্রশিক্ষণ আদিৰ নামত ব্যয় হোৱাৰ পাছত সম্প্ৰতি ১৮৩ কোটি টকা জমা হৈ আছে। জমা হৈ থকা এই ধনেৰে এতিয়া ক্ষুদ্ৰ কল ঘৰ স্থাপনৰ প্ৰস্তাৱ উদ্যোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হৈছে। যদি জমা থকা উপকৰৰ এই ধনৰাশি ৭০ শতাংশ ৰাজসাহায্য হিচাপত ক্ষুদ্র কল ঘৰ স্থাপনৰ বাবে মুকলি কৰি দিয়ে তেন্তে ৰাজ্যখনত প্ৰায় ২৫০টা ক্ষুদ্র কল ঘৰ স্থাপন হ’ব।