নিউজ :ৰাজস্থানত এক বিশাল বিমান দুৰ্ঘটনা। সোমবাৰে ভাৰতীয় বায়ুসেনাই সচৰাচৰৰ দৰে প্ৰশিক্ষণ লৈছিল। আৰু তাতেই সংঘটিত হয় দুৰ্ঘটনাটো। ৰাজস্থানৰ হনুমানগড়ৰ সমীপত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই পৰ্যন্ত কমেও তিনিজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ভাৰতীয় বায়ুসেনাৰ সূত্ৰ অনুসৰি পেৰাচুট ব্যৱহাৰ কৰি নিৰাপদে নামে পাইলট। কিন্তু সামান্য আঘাতপ্ৰাপ্ত হয়।হনুনগড় জিলাৰ বাহলোলনগৰৰ এটা ঘৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন পৰি যোৱা ঘৰত ২ গৰাকী মহিলাৰ মৃত্যুৰ লগতে এজন লোক আহত হয়। এতিয়া উদ্ধাৰ অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।সুৰাটগড়ৰ পৰা যাত্ৰা আৰম্ভ হৈছিল বিমানখনৰ। জানিব পৰা মতে, ১৯৭১-৭২ চনৰ পৰা ৪০০ৰো অধিক মিগ-২১ এই ধৰণে দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাত ২০০ৰো অধিক পাইলট আৰু ৫০ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।২০১২ চনত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীয়ে সংসদত কৈছিল যে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ৮৭২খন মিগৰ আধাতকৈ অধিক বিমানৰ এনে দুৰ্ঘটনা সংঘটিত হৈছে। ১৭১ জন পাইলট, ৩৯ জন অসামৰিক লোক আৰু আন ৮ জন সেনা জোৱানকে ধৰি মুঠ ২০০ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে।