গুৱাহাটী,১১ মে’ : দিব্যাংগ ব্যক্তিসকলক সমাজৰ আন আন ব্যক্তিসকলৰ সমানে আগবঢ়াই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে মুম্বাই, দিল্লী আৰু ভূপালৰ পিছত চতুৰ্থ বাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিছে “দিব্য কলা মেলা”। দিব্যাংগ ব্যক্তিসকলৰ দ্বাৰা হস্তনিৰ্মিত বিভিন্ন পণ্য সামগ্ৰী প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ বাবে ১১ মে’ৰ পৰা ১৭ মে’লৈ গুৱাহাটীত এই মেলাৰ আয়োজন কৰা হৈছে। আজি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে এই মেলাৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী পীযুষ হাজৰিকা। উল্লেখ্য যে দিব্যাংগ ব্যক্তিসকলে হেজাৰ প্ৰত্যাহ্বানকো নেওচি আত্মবিশ্বাসৰ মূলমন্ত্ৰ অনুকৰণ কৰি সমাজৰ আন আন ব্যক্তিসকলৰ সৈতে খোজ মিলাই আগবাঢ়ি গৈ গৌৰৱেৰে জীৱনটো উদযাপন কৰিব পাৰে তাৰ বাবে এই মহান উদ্দেশ্য হাতত লোৱা হৈছে। শুভাৰম্ভণি অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ সৱলীকৰণ বিভাগ (দিব্যাংজান) ৰ উপ-সঞ্চালক প্ৰধান কিশোৰ বি সুৰৱাদে, ৰাষ্ট্ৰীয় প্ৰতিবন্ধী বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ আৰু সহ-পৰিচালন সঞ্চালক নবীন শ্বাহ, অসমৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ আয়ুক্ত সুষমা হাজৰিকা তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকী দিব্যাংগ ব্যক্তিক বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।