নিউজ ডেক্সঃগুজৰাট আৰক্ষীয়ে ২০১৬ ৰ পৰা ২০২০ চনৰ ভিতৰত গুজৰাটত ৪০,০০০ ৰো অধিক মহিলা নিৰুদ্দেশ হোৱা বুলি দাবী কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ তথ্য পৰীক্ষা কৰিছে।আৰক্ষীৰ মতে নিৰুদ্দেশ হোৱা ৪১,৬২১ গৰাকী মহিলাৰ ভিতৰত প্ৰায় ৯৫ শতাংশ বা ৩৯,৪৯৭ গৰাকী মহিলাক উদ্ধাৰ কৰা কৰি তেওঁলোকৰ পৰিয়ালক গটাই দিয়া হৈছিল।”২০১৬-২০ বৰ্ষত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ দ্বাৰা প্ৰকাশিত অপৰাধ-২০২০ ত প্ৰকাশিত তথ্য অনুসৰি ৪১,৬২১ গৰাকী মহিলা নিৰুদ্দেশ হৈছিল যদিও ৩৯,৪৯৭ গৰাকী অৰ্থাৎ ৯৪.৯০% নিৰুদ্দেশ হোৱা মহিলাক গুজৰাট আৰক্ষীয়ে বিচাৰি উলিয়াইছে বুলি টুইট কৰিছে। আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে তথ্যবোৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ, যাক লৈ বহুতো সংবাদ মাধ্যমে গুজৰাটত ৪০,০০০ ৰো অধিক মহিলা সন্ধানহীন হোৱা বুলি দাবী কৰিছে।আৰক্ষীৰ অনুসন্ধানৰ ওপৰত নিৰ্ভৰ কৰি, মহিলা নিৰুদ্দেশ হোৱাৰ প্ৰাথমিক কাৰণবোৰৰ ভিতৰত আছে পাৰিবাৰিক বিবাদ, পলায়ন, আৰু শৈক্ষিক বিফলতা। আৰক্ষীয়ে অৱশ্যে স্পষ্ট কৰি দিছে যে নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰৰ যৌন শোষণ, অংগ সৰবৰাহ আদিৰ ঘটনা প্ৰকাশ কৰা হোৱা নাই।
