শিৱসাগৰ,১৫ মে’ : চি পি আই শিৱসাগৰ জিলা পৰিষদে থাওৰা সমষ্টিৰ অন্তগৰ্ত নিতাই চাৰিআলি, পাৰলিগুৰি, দলপাৰ অজান্তি বজাৰ, ডিমৌ চাৰিআলি, ৰাজমাই বজাৰ, খৰাহাট বজাৰ, মহখুটী বজাৰ, নেমুগুৰি, পাটসাকো তিনিআলি আৰু লাখমণি ঘাট তিনিআলিত এলানি পথ সভা অনুষ্ঠিত কৰে ৷ পথ সভাৰ মূল শ্ল’গান আছিল দেশ বচাও বিজেপি হতাও ৷ উল্লেখ্য  চি পি  আই দলে দেশজুৰি এই শ্ল’গানৰ ভিত্তিত এই প্ৰচাৰ অভিযান অব্যাহত। পথসভা সমূহৰ নেতৃত্ব প্ৰদান কৰি পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসম ৰাজ্যিক সম্পাদক কনক গগৈয়ে বিজেপি চৰকাৰক চোকা সমালোচনা কৰে ৷ কেন্দ্ৰত ৯ বছৰীয়া আৰু অসমত ৭ বছৰীয়া বিজেপি চৰকাৰৰ শাসনে জনগণৰ মৌলিক সমস্যা সমূহ সমাধানত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ বিপৰীতে মানুহক অবান্তৰ বিষয়ৰ সৈতে জড়িত কৰি ৰাখিছে বুলি তেওঁ উল্লেখ কৰে ৷ সকলো জনগণৰ আৰ্থিক বিকাশ কৰোৱা শ্ল’গান দিয়া বিজেপি চৰকাৰে কেৱল আটাইতকৈ ধনী পুঁজিপতি সকলৰ লগতে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী সকল, উপৰি মন্ত্ৰীসকল, বিধায়ক সাংসদ আৰু বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতাসকলৰ হে সাংঘাতিক ভাৱে আৰ্থিক বিকাশ ঘটালে বুলি কয় ৷ যদি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি মতে বছৰি দুই কোটি চাকৰি সমগ্ৰ দেশত দিয়া হ’লে ১৮ কোটি আৰু অসমত সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতি মতে দুই  লাখকৈ পাঁচবছৰত দহ লাখ আৰু হিমন্ত বিশ্ব শৰ্মাই বছৰি এক লাখকৈ দুই লাখ সৰ্বমুঠ  বাৰ লাখ পৰিয়ালক চাকৰি দিয়া হ’লে অন্ততঃ দেশত ১৮ কোটি পৰিয়াল আৰু ৰাজ্যখনৰ ১২ লাখ পৰিয়াললৈ আৰ্থিক বিকাশ হলহেতেন বুলি কনক গগৈয়ে উল্লেখ কৰে। এই কেইবছৰত ৬০ হাজাৰো চাকৰি দিব নোৱাৰা, যিকোনো এটা পৰীক্ষা সুচাৰূপে অনুষ্ঠিত কৰিব নোৱাৰা অসম চৰকাৰ খনে কেইহাজাৰ মান চাকৰি দিওঁতে ৰৌজালবৌজাল কৰিছে বুলি চোকা সমালোচনা কৰে ৷ ইয়াৰ বিপৰীতে সৰ্বসাধাৰণক বয়বস্তুৰ অত্যাধিক দাম বৃদ্ধিয়ে ৰামটাঙোন সোধাইছে বুলি কয় ৷ ৪৪০ টকীয়া গেছৰ দাম ১২৫০ টকা কৰিলে ৷ ৬৫ টকীয়া মিঠাতেল ১৬০/ ২০০ টকা , ৫৫ টকীয়া দাইল ১০০/ ১২০ টকা , ৭০ টকীয়া পে’ট্ৰল ৯৮/ ১০০ টকা অতিক্ৰম কৰোৱালে ৷ ২০ টকীয়া পেৰাচিটেমলৰ টেবলেট ৮০ টকা কৰোৱালে ৷ বৰ্তমানে পৌৰ কৰ বৃদ্ধি কৰিছে ৷ বিদ্যুত মাচুল বৃদ্ধি কৰিছে ৷ খাজনা বৃদ্ধি কৰিছে৷ সকলোতে কেৱল কৰ আৰোপ কৰিছে। আনহাতে প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদত চহকী দেশৰ অৰ্থনীতিলৈ অভাৱনীয় অৱদান আগবঢ়াই থকা আৰু গৌৰৱোজ্বল ছয়শ বছৰীয়া আহোমৰ ইতিহাসে ভৰা উজনি অসমৰ পৰা কেইবাটাও সমষ্টি হ্ৰাস কৰি এই খিলঞ্জীয়া অধ্যুষিত অঞ্চলৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব বিচৰা কাৰ্যক কনক গগৈয়ে বিজেপি চৰকাৰক ক্ষুধাৰ সমালোচনা কৰে ৷ চৰকাৰ গঠন কৰিয়েই ছয় মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতি কৰণৰ প্ৰতিশ্ৰুতি দিয়া সেই প্ৰতিশ্ৰুতি কলৈ গ’ল বুলি তেওঁ প্ৰশ্ন কৰে। আচলতে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিব নোৱাৰি জনগণক ব্যস্ত কৰি ৰাখিবলৈ হিন্দু মুছলিম তথা ধৰ্ম সম্প্ৰদায়, জাত-পাতৰ ভিত্তিত অসাংবিধানিক অগণতান্ত্ৰিক কাম কাজত লিপ্ত হৈছে ৷ ইয়াৰ বাবে তেওঁলোকে এক দেশ এক ধৰ্ম(হিন্দু ধৰ্ম)এক দেশ এক ভাষা(হিন্দী ভাষা) আৰু এক দেশ এক সংস্কৃতি( হিন্দু সংস্কৃতি) শ্ল’গান দিছে ৷ কিন্তু বিজেপি আৰ এচ এচৰ নেতা সকলে মনত ৰখা ভাল যে এই দেশ ভাৰতবৰ্ষ বহু সংস্কৃতি, বহু সভ্যতা, বহু ধৰ্মাৱলম্বী, বহু ভাষা-ভাষী আৰু বহু জাতি জনগোষ্ঠীৰ দেশ ৷ সেয়ে ইয়াত সংবিধানৰ ভিত্তিত সকলো লোকেই সম অধিকাৰে জীয়াই থাকিব পাৰিব ৷ বিজেপিৰ এই সপোন দেশবাসীয়ে পূৰণ হ’বলৈ নিদিয়ে বুলি কনক গগৈয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে এইবাৰ দেশত ২৭ টা ৰাজনৈতিক দল বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে আৰু অসমতো বিজেপি, এজিপি, আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বৰ বাবে চেষ্টা কৰিছে বুলি কয়। গণতন্ত্ৰপ্ৰেমী ৰাইজক সু-দিহা পৰামৰ্শ দি এই বিৰোধী ঐক্যবদ্ধ মঞ্চক শক্তিশালী কৰিবলৈ আহ্বান জনাই দেশৰ সংবিধান গণতন্ত্ৰ আৰু জনতাক ৰক্ষা কৰিবলৈ কনক গগৈয়ে নিবেদন জনাই ৷ পথসভা সমূহত পাৰ্টিৰ জিলা সম্পাদক মণি বুঢ়াগোহাঁই, জিলা কাৰ্যনিৰ্বাহক সদস্য যোগেশ বুঢ়াগোহাঁই, ৰেৱ কোঁৱৰ, অনুৰাধা গোহাঁই AIYFৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ ৰাজ্যিক সম্পাদক অজয় বড়াকে ধৰি ভালেসংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷