গৌৰিসাগৰ, ১৮মে’:আমগুৰিৰ বাউলী পুখুৰী শেনচোৱাৰ গণেশ গগৈ আৰু মদন গগৈ নামৰ দুজন লোকক স্থানীয় ৰাজীৱ বৰা নামৰ এজন যুৱকে বহিৰাজ্যত কাম দিয়াৰ গইনাৰে ৰেলেৰে ৫ মেত বেংগোলৰলৈ লৈ যোৱাৰ পিছতেই লোক দুজন সন্ধানহীন হৈ পৰে।ঘটনা সন্দৰ্ভত পৰিয়ালে হালোৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু দূৰ্ভাগ্যজনক ভাৱে হালোৱাটিং আৰক্ষীয়ে ৰাজীৱ বৰা ওৰফে কণ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গণেশ গগৈৰ পত্নীয়ে। অৱশেষত সোমবাৰে গণেশ গগৈ নামৰ লোকজন মুৰ্মষ অৱস্থাত ৰেলেৰে আহি আমগুৰিত উপস্থিত হয়হি। গণেশ গগৈৰ অভিযোগ অনুসৰি বহিৰাজ্যলৈ লৈ যোৱা ৰাজীৱ বৰাই ৰেলতেই গণেশ গগৈক প্ৰহাৰ কৰি ৰেলৰ পৰা গটিয়াই পেলাই থৈ যায়। গনেশ গগৈয়ে সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি তেওঁ ভীক্ষাৰীৰ বেশেৰে ভোকে পিয়াহে ৰে’লৰ লেট্ৰিনত সোমাই আহি আমগুৰি পাইহি। ইয়াৰ বিপৰীতে মদন গগৈ নামৰ আনজন লোক কি অৱস্থাত আছে একো নেজানে বুলি জনায়। এতিয়া ঘটনাৰে জড়িত মূল অভিযুক্ত ৰাজিৱ বৰাৰ বিষয়ত নৰম স্থিতি গ্ৰহণ কৰা হালোৱাটিং আৰক্ষী আৰু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব।