২৩ মে, চাংসাৰি :কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটী মহানগৰীৰ নমাইলৰ বিশেষ ভাৱে সক্ষম ছাত্ৰ জয়ন্ত দাসে ৮৬.৫ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। নমাইল স্থিত ফেইৰী লেণ্ড হাইস্কুলৰ ছাত্ৰ জয়ন্ত দাস শাৰীৰিক ভাবে অক্ষম হোৱাৰ লগতে আৰ্থিকভাৱে পিছপৰা। নিজৰ দৈহিক অৱস্থাকো আওকান কৰি জয়ন্ত দাসে নিয়মীয়াকৈ অধ্যয়ন কৰি গৈছিল। উল্লেখ্য যে ২ বছৰ শাৰীৰিক অসুস্থতা ৰ বাবে বিদ্যালয়ৰ পৰিৱৰ্তে ঘৰতে পঢ়া-শুনা কৰি আহিছে। জয়ন্ত দাস ৰ ফলাফলত স্থানীয় ৰাইজৰ লগতে গুৱাহাটীস্থিত নৱ প্ৰত্যয় ফাউণ্ডেচনে সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰ জনৰ পৰবৰ্তী অধ্যয়ন অব্যাহত ৰখাৰ বাবে নৱ প্ৰত্যয় ফাউণ্ডেচনে নামভৰ্তিৰ দায়িত্ব গ্ৰহণ কৰে আৰু ভবিষ্যতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নৱ প্ৰত্যয় ফাউণ্ডেচনৰ হৈ সভাপতি জিতু বৰুৱা, সম্পাদক অলকেশ শৰ্মা, কাৰ্যকৰ্তা সৌৰভ নাথ, দেবব্ৰত সন্দিকৈ য়ে ছাত্ৰজনক সম্বৰ্ধনা আৰু শুভেচ্ছা জনায় ।










