গুৱাহাটী,২৩ মে’ : অসম চৰকাৰৰ বিভিন্ন বিভাগত জুলাই মাহত অতিৰিক্তভাৱে ২২,৭৬৫ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। এই ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। নিযুক্তি সম্পৰ্কীয় প্ৰসংগত আয়োজন কৰা সংবাদমেলখনত মুখ্যমন্ত্রীয়ে কয় যে ২৫ মে’ৰ বিয়লি ৩বজাত নিযুক্তিৰ এখন বিশাল সমাৰোহৰ আয়োজন কৰা হৈছে। য’ত মুঠ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান কৰা হ’ব। তেওঁ কয় যে ৪৫ হাজাৰ নিযুক্তিৰ সংকল্প গ্ৰহণ কৰা হৈছিল যদিও দিব্যাংগ সকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰাত কিছুসংখ্যক উত্তীৰ্ণ নোহোৱাত তেওঁলোকৰ ফলাফল উইথহেল্ড কৰি ৰখা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পাবলগীয়া প্ৰাৰ্থীৰ সংখ্যা ৪৪,৭০৩ গৰাকী হয়। ২৫ মে’ত নিযুক্তি পত্র প্ৰদান কৰিবলগীয়া ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে তৃতীয় বৰ্গত ১১,০৪৮ গৰাকী, চতুৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২৭৯ গৰাকী, অসম পুলিচ ৰেডিঅ’ অৰ্গেনাইজেচনত ৫৫৩ গৰাকী, অগ্নি আৰু জৰুৰীকালীন সেৱাত ৩৯ গৰাকী, হোম গাৰ্ডত ৩০৭ গৰাকী, জে’লত ৩০১ গৰাকী, আবকাৰী বিভাগত ২২২ গৰাকী আৰু ফৰেষ্ট বেটেলিয়নত ২৭২০ গৰাকী। আনহাতে অসম আৰক্ষীৰ ছহীদ পৰিয়ালৰ ২৩১ গৰকীয়ে পাব নিযুক্তি। তদুপৰি স্বাস্থ্য বিভাগত মুঠ নিযুক্তি হ’ব ৫২৮১টা। সেইদৰে শিক্ষা বিভাগত মহাবিদ্যালয়ৰ অধ্যাপকৰ উপৰি তৃতীয়-চতুৰ্থ শ্ৰেণীৰ ৭০৪টা পদত নিযুক্তি পাব। কলেজ শিক্ষকৰ সহকাৰী অধ্যাপক আৰু কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল পৰ্টেলত উপলব্ধ কৰোৱা হৈছে। প্ৰাথমিক শিক্ষাত ৪৪৩৭ গৰাকী উত্তীৰ্ণ হৈছে আৰু ফলাফল পৰ্টেলত দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে উচ্চ মাধ্যমিকৰ স্নাতক শিক্ষকৰ ২৩৩২ টা পদত নিযুক্তি দিয়া হ’ব। তেওঁ লগতে কয় যে প্ৰাথমিক শিক্ষক নিযুক্তিত বাহিৰৰ কোনো লোকে নিযুক্তি পোৱা নাই। কাকতত প্ৰকাশ পোৱা বাতৰি শুদ্ধ নহয়। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াত বাধা দিব নোৱাৰি বুলি তেওঁ কয়।
তেওঁ লগতে কয় যে ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব। জুলাই মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ থাকি যোৱা পদৰ ৮৩৫ গৰাকী প্ৰাৰ্থীৰ অতিৰিক্ত তালিকা প্ৰকাশ পাব। সেই অনুসৰি আৰু ১১ হাজাৰ নিযুক্তি দিলে ১ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব। সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে জুলাইত ২২৭৬৫ টা পদৰ বাবে বিজ্ঞাপন ওলাব। এইখিনি নিযুক্তি সম্পূৰ্ণ হ’লে এক লাখৰ বিপৰীতে অভাৰলেপিং ধৰিলেও এক লাখ ১৫ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হ’ম বুলি তেওঁ কয়। জুলাইত ২২,৭৬৫ টা পদৰ অতিৰিক্ত বিজ্ঞাপন দিয়া হ’ব আৰু ইয়াৰ ভিতৰত বিদ্যুৎ পৰিষদত ২৫০০টা, কৃষি বিভাগত ২৫০০টা, আৰক্ষীত ২০০০টা, স্বাস্থ্য বিভাগত ৬০০ টা, বিভিন্ন বিভাগৰ তৃতীয় বৰ্গত ২৫১৯ টা আৰু চতুৰ্থ বৰ্গত ১৩৪৭ টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০০০টা আৰু শিক্ষা বিভাগত ১০২১৯টা পদৰ বিজ্ঞাপন ওলাব।
তেওঁ লগতে কয় যে খানাপাৰাৰ খেলপথৰত ২৫ মে’ৰ বিয়লি ৩ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতি নিযুক্তি পত্র বিতৰণ কৰা হ’ব। অনুষ্ঠানটোলৈ প্ৰাৰ্থীসকলক সিদিনা বিয়লি ২.৩০ বজাৰ ভিতৰত আহিবলৈ তেওঁ আহ্বান জনায়। প্ৰাৰ্থীসকলে আহি প্ৰৱেশ কৰিব। তেওঁ কয় যে চৰকাৰী খৰচ কমোৱাৰ বাবে এইবাৰ পেণ্ডেল বনোৱা হোৱা নাই। প্ৰাৰ্থীসকলক তেওঁ যিকোনো এটা পৰিচয় পত্ৰ লৈ আহিবলৈ আহ্বান জনায়। নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত চাকৰিত যোগ দিব লাগিব। আনহাতে নতুনকৈ চাকৰি পোৱাসকলক চৰকাৰে প্ৰয়োজনত বেলেগ বিভাগতো ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত এখন অধ্যাদেশ জাৰি কৰা হৈছে। এই অধ্যাদেশ পুৰণা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
আনহাতে শিক্ষক নিযুক্তিৰ ক্ষেত্রত পৰিৱৰ্তন অনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াৰে পৰা শিক্ষকৰ চাকৰিৰ ক্ষেত্রত টেট, বি এড আৰু শিক্ষাগত অৰ্হতাৰ নম্বৰসহ চূড়ান্ত এটা লিখিত পৰীক্ষাত অবতীৰ্ণ হ’ব লাগিব। যাতে যোগ্যতাৰ ভিতৰত সকলোৱে চাকৰি লাভ কৰিব পাৰে। অন্যথা বহুতে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যৰ পৰা বহু নম্বৰসহ বি এড উত্তীৰ্ণ হৈ আহে। যাৰ বাবে এটা চূড়ান্ত লিখিত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়।
সংবাদমেলত মন্ত্রী কেশৱ মহন্ত, অতুল বৰা, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সাংসদ পবিত্র মাৰ্ঘেৰিটা উপস্থিত আছিল।