চিৰাং,২৫ মে’:চিৰাং জিলাৰ বিজনীৰ বিভিন্ন শিক্ষানুস্থানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা দোকান-পোহাৰত ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিজনী মহকুমা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা বিজনী থানাৰ আৰক্ষীৰ সহযোগত এক অভিযান চলোৱা হয় ।
বিজনীৰ বিভিন্ন শিক্ষানুস্থানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা দোকান-পোহাৰত চলোৱা উক্ত অভিযানত সংশ্লিষ্ট দোকান-পোহাৰৰ পৰা ধপাত জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বিক্ৰেতা সকলোকো জৰিমনা বিহা হয়।উক্ত অভিযানকাৰী দলটোত ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক সত্যজিৎ দাস, বিজনীৰ মহকুমাধিপতি অভিষেক জৈন, চিৰাঙৰ জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নোডেল বিষয়া ডা৹ ৰাজু দাস, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱ জ্যোতি কলিতা , বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত অচিন্ত্য ৰায়সহ বিষয়া সকল উপস্থিত থাকে ।পাছত জব্দকৃত ধপাত জাতীয় সামগ্ৰী সমূহ বিজনী থানালৈ লৈ আহি জ্বলাই দিয়া হয় ।
Home অসম আৰু উত্তৰপূব বিজনীত শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ দৈৰ্ঘ্যৰ ভিতৰত থকা দোকান পোহাৰত বিক্ৰী কৰা ধপাত...










