নিউজ ডেক্স,২৮ মে’ : দেওবাৰে মুকলি কৰা হ’ল নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱন মুকলি কৰে। ইতিমধ্যেই প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতত স্থাপন কৰে ছেংগুল। ছেংগুল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজদণ্ড। ব্ৰিটছৰ পৰা নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাজদণ্ড লাভ কৰিছিল। পিছত এই ৰাজদণ্ড এলাহাবাদ যাদুঘৰত সংৰক্ষিত কৰি থোৱা হৈছিল। কিছুদিনৰ পূৰ্বে নতুন সংসদৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰাজদণ্ড দিল্লীলৈ অনা হৈছিল। আজি মাংগলিক নীতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ছেংগুল প্ৰতিষ্ঠা কৰিছে। ১৯৪৭ চনতে নিৰ্মাণ কৰা এই ছেংগুল পাঁচ ফুট দৈঘ্যৰ। এই ৰাজদণ্ড নিৰ্মাণ কৰিছিল ভূমিধি বাংগাৰু ছেট্টী নামৰ এজন সোণাৰীয়ে। তেওঁ ৰাজদণ্ডত খোদিত কৰিছিল ভগৱান শিৱৰ বাহন নন্দীক। এই নন্দীক ন্যায় আৰু ক্ষমতাৰ প্ৰতীক হিচাপে খোদিত কৰা হৈছে।