ধেমাজি, ২৯মেঃ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ বৰলুং পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত যোৱা ১৭ মে’ত মানৱ সভ্যতাক লজ্জানত কৰা ডাইনী কাণ্ডৰ ঘটনা সংঘটিত হৈ যায়।মাটিবাৰী তথা সম্পত্তি সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি মিচং উপাধিৰ এগৰাকী মহিলাক তেওঁৰে সম্পৰ্কীয় কেইজনমান লোকে ডাইনী সজাই নিৰ্মম অত্যাচাৰ কৰে ।
ঘটনাৰ পিছত দীৰ্ঘদিন মহিলাগৰাকী চিকিৎসাধীন হৈ আছিল । মহিলাগৰাকী চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ আচল ৰূপ।
ইতিমধ্যে ৰাজ্যজুৰি তোলপাৰ লগায় এই আমানৱীয় বৰ্ব্বৰ কাণ্ডই ।
উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে চিচিবৰগাঁও আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩৫৪/ ৫০৬ আৰু ৩৪ ধাৰা আৰু Assam Witch Hunting (Prohibition, Prevention and Protection) Act-2015 ৰ ৭ ধাৰাত ১০৫/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে যদিও মূল অভিযুক্ত কেইজন পলাতক হৈ আছি। আনহাতে আৰক্ষীৰ লেহেমীয়া গতিৰ বাবেই ইমান পলম হ’ল ঘটনাৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰাত। এই অভিযোগ স্থানীয় সচেতন নাগৰিকৰ। আজি পুৱা প্ৰায় চাৰি বজাত ধেমাজি আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ এটা প্ৰায় এশ জনীয়া দলে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত বিজয়পুৰ বালিজান গাঁৱৰ বুধিন মিচং, নামনি বালিজান গাঁৱৰ ভৱ মিচং আৰু বিজয়পুৰ বালিজানৰ টংকেশ্বৰ মিছঙকে ধৰি চাৰিগৰাকী মহিলাসহ মুঠ সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
এই ঘটনা সন্দৰ্ভত আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰ্তমান আধুনিক কালতো ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ডাইনীৰ অপযশ জাপি নিৰীহ লোকক নিৰ্যাতন চলায় অহা কাৰ্যক অমানৱীয় আখ্যা দিয়াৰ লগতে চৰকাৰ তথা প্ৰশাসনে সাধাৰণ জনতাক সুৰক্ষা দিব নোৱাৰাটো এক মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বুলি তেওঁ দোহাৰে।
ডঃ শইকীয়াই কয় যে প্ৰকৃত শিক্ষা আৰু সজাগতাৰে তথা আইনসংগত ভাবে সমাজৰ পৰা এনে কুসংস্কাৰ নিৰ্মূল কৰিব লাগিব। উল্লেখযোগ্য যে ২০০৯ বৰ্ষৰ পৰা ডঃ দিব্যজ্যোতি শইকীয়াৰ বলিষ্ঠ সংগ্ৰামৰ ফলস্বৰূপে ডাইনী কাণ্ড প্ৰতিৰোধ আইন “দ্যা আছাম ৱিট্চ হানটিং(পিপিপি) এক্ট ২০১৫”hþসমগ্ৰ অসম জুৰি ২০১৮ বৰ্ষৰ পৰা বলৱত কৰা হয়। ইফালে আৰক্ষীৰ লেহেমীয়া গতি আৰু চৰকাৰৰ কোনো সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন নকৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

Home অসম আৰু উত্তৰপূব ধেমাজিৰ চিলাপথাৰত ডাইনীৰ নামত নিৰ্যাতন, সাত জনক গ্ৰেপ্তাৰ, ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ...