মৰাণ, ৩০মেঃমৰাণৰ নাহৰণি ন-পথাৰৰ এখন চুমনিত এনেদৰেই মুগা পালনত ব্যস্ত কেইজনমান প্ৰতিভামান লোকৰ | মুগা পালনেৰে স্বাৱলম্বনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰাণৰ এই লোক কেইজনে । বৰ মুগা পালন কৰি তেওঁলোকে প্ৰতি বছৰে উপাৰ্জন কৰে ধন । ৰেচম বিভাগৰ কোনো ধৰণৰ সহায়ৰ অবিহনে নিজা প্ৰচেষ্টাৰেই চলাই গৈছে এই ব্যৱসায় | অসমৰ মুগাৰ সোনোৱালী সূতাৰ বিশ্বত এক সুকীয়া পৰিচয় আছে | যদিও চৰকাৰৰ ৰেচম বিভাগে এই বিষয়ত তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই | নাহৰণি গাঁ‌ৱৰ এই লোক কেইজনে উদ্যোগটো জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে | প্ৰায় ৩৫ দিনীয়া কাৰ্যসূচীৰে গাঁ‌ওখনৰ ৮ জন ব্যক্তিয়ে ১০ বিঘা মাটিৰ চুমনিত পালন কৰিছে এই মুগা | তেওঁ লোকৰ আশা ৰাজ্য চৰকাৰে যদি এই ব্যৱসায়টোক গুৰুত্ব দিয়ে | তেন্তে সোনোৱালী সূতা প্ৰস্তুত কৰিও বহু সংখ্যক নিবনুৱাই সংস্থাপনৰ পথ পাব পাৰিব |