বঙাইগাঁও, ৭জুন :- ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্নাধীন কেন্দ্ৰীয় চৰকাৰৰ সফলতাৰ নৱম বৰ্ষ উপলক্ষে এমাহযোৰা চলি থকা মহা জনসম্পৰ্ক অভিযানৰ আজি বঙাইগাঁও জিলাৰ ৩৫ নং দক্ষিন অভয়াপুৰী বিধানসভা সমষ্টি আৰু ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত দুখনকৈ বুথৰ সভাপতি সন্মিলন আৰু মৰ্চা সন্মিলন “অনুষ্ঠিত হয় । অনুষ্ঠিত সভাত বিশেষভাৱে উপস্থিত থাকি অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সমষ্টিটোৰ কাৰ্যকৰ্তা ,বুথ সভাপতি লগতে মৰ্চাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে প্ৰস্তুত হব সেই বিষয়ে আলোকপাত কৰে । সভাত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা , মহা জনসম্পৰ্ক অভিযানৰ ৰাজ্যিক তত্বাবধায়ক জানকী খাউণ্ড , ৰাজ্যিক সদস্য নবাৰূন মেধি , জিলা সভানেত্ৰী হিমানী অধিকাৰী জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস ,জিলা সাধাৰন সম্পাদক শংকৰ বিশ্বাস প্ৰমূক্ষে জিলা ,মণ্ডলৰ কায্যকৰ্তা সকল উপস্থিত থাকে ।