বৰাখলা, ৯জুন:lচৰকাৰে “হৰ ঘৰ জল, হৰ ঘৰ নল”ৰ বাবে কোটি কোটি টকা আবণ্টন দি পানী যোগান আঁচনি স্থাপন কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু দেখা গৈছে যে কোটি টকীয়া চৰকাৰী প্ৰকল্প সমূহ নিৰ্মাণৰ ক্ষেত্ৰত এদল ঠিকাদাৰে দুৰ্নীতি চলাই থকা পৰিলক্ষিত হৈছে। এনে এক ঘটনা সংঘটিত হৈছে বৰাখলা ধলচৰা গাওঁৰ জল জীৱন মিছন আচঁনিৰ বিৰুদ্ধে৷ উক্ত পানী যোগান আচঁনিৰ ঠিকা লাভ কৰা ঠিকাদাৰ পুলক নাথৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনে পুৰণি কামখিনি পেইণ্টিং কৰি কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোৰ অধিকাংশ ঘৰতে এতিয়াও পাইপ লাইনৰ সৈতে সংযোগ স্থাপন কৰা নাই আৰু যিবোৰ পাইপলাইন সংযোগ কৰা হৈছে, সেইবোৰৰ বেছিভাগ পাইপৰ মাজেৰে পানী লিক হৈ পথ সমূহ বোকাময় কৰি ৰাইজৰ যাতায়তৰ অসুবিধাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াক ৰাইজে অভিযোগ দিয়াৰ পিছতো ঠিকাদাৰ জনক নাকিলগাবলৈ সক্ষম হোৱা নাই৷ প্ৰায় ত্ৰিশৰ পৰা চল্লিশ শতাংশ পাইপ লাইন ঘৰৰ লগত সংযোগ নকৰাকৈয়ে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে। বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ ৰাইজে ঠিকাদাৰ জনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰি কয় চৰকাৰে “হৰ ঘৰ জল হৰ ঘৰ নল”লৈ বিশুদ্ধ খোৱা পানীৰ বাবে কোটি কোটি টকা আবণ্টন দিছে আমি কিয় বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হম। আমাক বিশুদ্ধ খোৱাপানী লাগিব নহলে আমি আন্দোলন কৰিবলৈ বাধ্য হম৷ স্থানীয় ৰাইজে জনোৱা মতে ঠিকাদাৰ পুলক নাথে কাৰ বলত বলিয়ান হৈ এনেকৈ দুৰ্নীতি সংঘটিত কৰি আছে সেয়া ৰহস্যৰ আৱৰ্ত্তত৷ সেয়ে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জিলা প্ৰশাসনক দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জল জীৱন মিছন আচঁনিটো চৰকাৰী নীতিনিয়ম মতে ৰূপায়ণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ বাতৰিটো দৃষ্টিগোচৰ কৰাৰ পিছত জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু আচঁনিটো ৰূপায়ণৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব৷










