লখিমপুৰ,৯ জুনঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাতৃভাষা বিৰোধী কাৰ্যত ক্ষুন্ন হৈ পৰিছে বড়ো জাতীয় সংগঠনৰ লগতে বড়ো শিক্ষক সমাজ। আজি একাধিক বড়ো জাতীয় সংগঠন আৰু শিক্ষক সমাজে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়টো বড়ো ভাষাৰ পৰিবৰ্ত্তে ইংৰাজী ভাষাৰে ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াত বিদ্যালয়ে বিদ্যালয়ে গৈ কলা বেজ পৰিধান কৰি বিক্ষোভ প্ৰদৰ্শন কৰাই নহয় বিজ্ঞান আৰু গণিত বিষয়টো পাঠদান দিয়া শিক্ষক সকলক বাধা প্ৰদান কৰে ৷ ধেমাজি জিলা এবছু, ধেমাজি জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৰূপায়ণ কৰা উক্ত বিক্ষোভ কাৰ্যসূচী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিংমাং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, কদমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মহৰিকেম্প উচ্চ মাধ্যমিক বিদ্যালয় আদিত ৰূপায়ণ কৰে ৷ বিক্ষোভকাৰী সকলে অসম চৰকাৰ হুচিয়াৰ, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, বিজ্ঞান আৰু গণিতত বড়ো ভাষা বাহাল ৰাখক, বড়ো ভাষা ধ্বংস কৰাৰ চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক আদি শ্ল’গান দি বিদ্যালয় সমূহত উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ উক্ত বিক্ষোভ কাৰ্যসূচীবোৰত উল্লিখিত বিদ্যালয়ৰ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলেও যোগদান কৰে ৷ এবছু আৰু বড়ো সাহিত্য সভাই এইটো স্পষ্ট কৰি দিয়ে যে, শেহতীয়াকৈ অসম চৰকাৰে বিজ্ঞান আৰু গণিত বিভাগত অসমীয়া ভাষা আৰু বড়ো ভাষাক আতৰাই ইংৰাজী ভাষাৰে ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াটো চৰম দুৰ্ভাগ্যৰ বিষয় ৷ চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ থলুৱা ভাষা সমূহৰ অস্থিত্ব বিপন্ন কৰিছে ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগত আমি বড়ো জাতীয় সংগঠনসমূহে আলোচনা কৰি স্পষ্টভাৱে জনাই দিছিলো যে, আমি গণিত আৰু বিজ্ঞান বিষয়ত কোনোপধ্যেই ইংৰাজী ভাষাৰে ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াটো নিবিছাৰোঁ ৷ ইংৰাজী ভাষাৰে শিক্ষা দিলে ছাত্ৰ-ছাত্ৰী সকল এই ভাষাটোৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ’ব আৰু ইয়ে বড়ো মাতৃভাষাক ক্ৰমান্বয়ে গ্ৰাস কৰি পেলাব বুলি তেওঁলোকে চৰকাৰক জনাই দিছিল ৷ তৎস্বত্বেও ইংৰাজী ভাষাৰে বড়ো শিক্ষাৰ্থীক পাঠদান দি থকাত বড়ো জাতীয় সংগঠনে মানি নলয় আৰু চৰকাৰৰ মাতৃভাষা বিৰোধী স্থিতি সলনি নকৰিলে ৰাজপথ কঁপাব বুলিও দুই বড়ো জাতীয় সংগঠনে সকীয়াই দিয়ে ৷ আজিৰ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বসুমতাৰী, বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক নিৰণ ব্ৰহ্ম, বড়ো শিক্ষক সমাজৰ বহুকেইজন লোক আৰু বড়ো সাহিত্য সভা, এবছুৰ গোগামুখ আঞ্চলিকৰ সদস্য-কৰ্মীসকল ৷










