গুৱাহাটী,১০ জুনঃ বিজেপি মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে শনিবাৰে মিৰ্জাত বিশাল জনসভা আয়োজন কৰা হয়। জনসভাত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে বিগত ৯টা বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বাধীন বিজেপি চৰকাৰে সেৱা, সুশাসন আৰু সমৰ্পণেৰে দেশৰ সৰ্বস্তৰৰ লোকৰে হৃদয় জয় কৰিছে। চৰকাৰখনৰ কল্যাণকামী পদক্ষেপসমূহৰ ফলশ্ৰুতিত জনগণৰ আস্থা-বিশ্বাস আৰু সমৰ্থন বিজেপিৰ প্ৰতি সদায়েই বৃদ্ধি পাই আহিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালনেৰে এখন আত্মনিৰ্ভৰ ভাৰত তথা অসম গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে অৰিহণা যোগাবলৈ দলীয় কাৰ্যকৰ্তা তথা জনগণক তেওঁ আন্তৰিকতাৰে আহ্বান জনায়। জনসভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, হেমাংগ ঠাকুৰীয়া আৰু সুমন হৰিপ্ৰিয়াৰ উপৰি দলীয় বিষয়ববীয়াসকল উপস্থিত আছিল।