নিউজ ডেক্সঃৰাজস্থানত বিশ্ব অভিলেখ তাত কেইঘণ্টামানৰ ভিতৰতে ২৪১৩টা দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়। এই সময়ছোৱাত গণ বিবাহে বিশ্বৰ বাকী অভিলেখ ভংগ কৰে। এই ৰাজহুৱা বিবাহ অনুষ্ঠানটো ৰাজস্থানত ২৬ মে’ত অনুষ্ঠিত হৈছিল। শ্ৰী মহাবীৰ গোশালা কল্যাণ সংস্থাৰ উদ্যোগত।এই গণ বিবাহ অনুষ্ঠানত ৪০০০ৰো অধিক যুৱতীয়ে অংশগ্ৰহণ কৰে। তাত উপস্থিত হৈ কিছুমান নিয়ম অনুসৰি বিয়া পাতিলে। পুৰোহিত উপস্থিত থাকি বিবাহৰ সকলো ৰীতি-নীতি পালন কৰিছিল। ইছলামৰ অনুগামীসকলৰ বাবে কাজী উপস্থিত আছিল। গণ বিবাহ অনুষ্ঠানত উপস্থিত থাকে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। ৰাজ্য চৰকাৰৰ বিষয়াসকলো উপস্থিত থাকে। বিবাহ অনুষ্ঠানৰ পিছত নৱবিবাহিনীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। গহনাকে ধৰি এজাক উপহাৰ দিয়া হয়। উপহাৰৰ সামগ্ৰীসমূহৰ ভিতৰত আছিল বিচনা, পাকঘৰৰ সামগ্ৰী, টিভি, ফ্ৰীজ, কুকাৰ। নৱবিবাহিতা আৰু অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক খাদ্য পৰিবেশনৰো ব্যৱস্থা কৰা হয়।
